Skip to content

তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।

«أَكْثِرُوا ذِكْرَ هَادمِ اللَّذَّاتِ» يَعْنِي الْمَوْتَ.

তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বেছি বেছি মৃত্যুক স্মৰণ কৰিবলৈ উৎসাহিত কৰিছে, কাৰণ মৃত্যুক স্মৰণ কৰিলেহে আখিৰাতৰ বিষয়বোৰ মনলৈ আহিব। ফলত অন্তৰৰ পৰা পৃথিৱীৰ মোহ, লোভ লালসা কমিব। বিশেষকৈ হাৰাম চাহিদাৰ লোভ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মৃত্যুৱে পাৰ্থিৱ উপভোগৰ চাহিদা হৰণ কৰে। কিন্তু মুমিনক আখিৰাতৰ সুখ-শান্তি আৰু জান্নাতৰ মহা কল্যাণকৰ নিয়ামতৰ প্ৰতি উৎসাহিত কৰে।

মৃত্যু আৰু ইয়াৰ পৰৱৰ্তী সময়ত হ'বলগীয়া বিষয়বোৰ স্মৰণ কৰাটো হৈছে তাওবা, প্ৰত্যাৱৰ্তন আৰু আখিৰাতৰ বাবে প্ৰস্তুতিৰ অন্যতম এটা উপায়।

সম্পাদক

ছুনান তিৰমিজী (4/ 141) (2307).

ছুনান নাছায়ী (4/ 4) (1824).

ছুনান ইবনে মাজাহ (5/ 326) (4258).

অধিক (1)

ذخيرة العقبى في شرح المجتبى (18/ 219).