তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।"
«إِذَا لَقِيَ أَحَدُكُمْ أَخَاهُ فَلْيُسَلِّمْ عَلَيْهِ، فَإِنْ حَالَتْ بَيْنَهُمَا شَجَرَةٌ أَوْ جِدَارٌ أَوْ حَجَرٌ ثُمَّ لَقِيَهُ فَلْيُسَلِّمْ عَلَيْهِ أَيْضًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোৰ দ্বাৰা মুছলিমসকলক ইজনে সিজনৰ সৈতে যেতিয়াই সাক্ষাৎ হ'ব তেতিয়াই ছালাম কৰিবলৈ উৎসাহিত কৰিছে। আনকি যদি দুজন ব্যক্তি একেলগে খোজকাঢ়ি গৈ আছে, তেনেতে যদি দুয়োৰে মাজত কোনো গছ, দেৱাল অথবা ডাঙৰ শিল এটাৰ জৰিয়তে অন্তৰায় সৃষ্টি হয়, ইয়াৰ পিছত যদি দুয়ো আকৌ লগ হয় তেন্তে তেতিয়াও পুনৰ ছালাম কৰিব লাগে।
ছালাম প্ৰচাৰ কৰা মুস্তাহাব। আনকি অৱস্থা পৰিবৰ্তন হ'লেও পুনৰ ছালাম কৰিব লাগে।
ছালাম প্ৰচাৰৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম খুবেই আগ্ৰহী আছিল, আনকি এই ক্ষেত্ৰত তেখেত অগ্ৰগামী আছিল। কাৰণ ইয়াৰ দ্বাৰা মুছলিমসকলৰ মাজত মুহাব্বত তথা মৰম বাঢ়ে।
ছালাম এইদৰে কৰিব লাগেঃ (আচ্ছালামু আলাইকুম) অথবা (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ) প্ৰথম বাৰ সাক্ষাৎ হোৱাৰ সময়ত কৰা মুচাফাহাৰ বাহিৰে।
ছালাম হৈছে এটা দুআ। মুছলিমসকলে ইজনে সিজনৰ বাবে দুআ কৰা প্ৰয়োজন, যদিও এইটো বাৰে বাৰে কৰিব লাগে।
ছুনান আবি দাঊদ (7/ 494) (5200).
অধিক (8)
تطريز رياض الصالحين.
لفيصل آل مبارك (ص520).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 138).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 667).
شرح رياض الصالحين.
لابن عثيمين (4/ 410).