আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
«نَحْنُ آخِرُ الأُمَمِ، وَأَوَّلُ مَنْ يُحَاسَبُ، يُقَالُ: أَيْنَ الأُمَّةُ الأُمِّيَّةُ وَنَبِيُّهَا؟ فَنَحْنُ الآخِرُونَ الأَوَّلُونَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, পৃথিৱীত আগমনৰ দিশৰ পৰা তেখেতৰ এই উম্মত হৈছে সৰ্বশেষ, আনহাতে কিয়ামতৰ দিনা হিচাপ নিকাচৰ ফালৰ পৰা এই উম্মত হৈছে সৰ্বপ্ৰথম। কিয়ামতৰ দিনা এইদৰে ঘোষণা কৰা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নিৰক্ষৰ আছিল, লিখিব অথবা পঢ়িব পৰা নাছিল, সেয়ে তেখেতক উম্মী বুলি কৈ তেখেতৰ উম্মতক উম্মীয়া বুলি কোৱা হৈছে। এতেকে তেওঁলোকক প্ৰথমে হিচাপ-নিকাচৰ বাবে আহ্বান কৰা হ'ব। গতিকে পৃথিৱীত আমাৰ অস্তিত্বৰ ক্ষেত্ৰত আমি হৈছোঁ সৰ্বশেষ। আনহাতে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত আমি হৈছোঁ সৰ্বপ্ৰথম।
অন্যান্য উম্মতৰ ওপৰত এই উম্মতক প্ৰাধান্য দিয়া হৈছে।
অধিক (3)
حاشية السندي على سنن ابن ماجه (2/575).
ذخيرة العقبى في شرح المجتبى (16/52).
مرشد ذوي الحجا والحاجة إلى سنن ابن ماجه (26/241).