তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।
অহশ্বী বিন হাৰ্ব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
أَنَّهُمْ قَالُوا: يَا رَسُولَ اللَّهِ، إِنَّا نَأْكُلُ وَلَا نَشْبَعُ، قَالَ: «فَلَعَلَّكُمْ تَأْكُلُونَ مُتَفَرِّقِينَ؟» قَالُوا: نَعَمْ. قَالَ: «فَاجْتَمِعُوا عَلَى طَعَامِكُمْ، وَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهِ، يُبَارَكْ لَكُمْ فِيهِ».
কিছুমান চাহাবীয়ে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, আমি খোৱা বোৱা কৰোঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত নহওঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ তোমালোকে সম্ভৱতঃ খোৱাৰ সময়ত পৃথকে পৃথকে বহি খোৱা। তোমালোকে প্ৰত্যেকেই অকলশৰীয়াকৈ বহি খোৱা নেকি? তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ শুনা! খোৱাৰ সময়ত একেলগে বহি খাবা, পৃথকে পৃথকে নবহিবা, আৰু খোৱাৰ আগত বিছমিল্লাহ বুলি কৈ খোৱা আৰম্ভ কৰিবা। তেতিয়া আল্লাহে তোমালোকৰ খাদ্যত বৰকত দান কৰিব আৰু তোমালোকে পৰিতৃপ্ত হৈ খাই উঠিবা।
খোৱাৰ সময়ত একেলগে বহি খোৱা আৰু খোৱাৰ আগত বিছমিল্লাহ বুলি কৈ আৰম্ভ কৰাটো হৈছে খাদ্য দ্ৰৱ্যত বৰকত লাভৰ অন্যতম উপায়। লগতে এইটো হৈছে পৰিতৃপ্ত হোৱাৰো এটা উপায়।
বিচ্ছেদ সকলো ক্ষেত্ৰতেই বেয়া, ঐক্য সকলো ক্ষেত্ৰতেই উত্তম।
একেলগে বহি খাবলৈ আৰু খোৱাৰ সময়ত বিছমিল্লাহ ক'বলৈ উৎসাহিত কৰা হৈছে।
ছিন্ধীয়ে কৈছেঃ একেলগে আহাৰ কৰিলে খাদ্যত বৰকত নাজিল হয়। এইদৰে বিছমিল্লাহ বুলি কৈ খোৱা আৰম্ভ কৰিলে চয়তানে সেই ভোজনত অংশ ল'ব নোৱাৰে।
ছুনান আবি দাঊদ (5/ 588) (3764).
ছুনান ইবনে মাজাহ (4/ 418) (3286).
মুছনাদ আহমদ (25/ 485) (16078).
অধিক (6)
شرح رياض الصالحين.
لابن عثيمين (4/ 217).
نزهة المتقين بشرح رياض الصالحين.
لمجموعة من الباحثين (1/ 607).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 59).