মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
«يَقُولُ اللَّهُ تَعَالَى لِأَهْوَنِ أَهْلِ النَّارِ عَذَابًا يَوْمَ القِيَامَةِ: لَوْ أَنَّ لَكَ مَا فِي الأَرْضِ مِنْ شَيْءٍ أَكُنْتَ تَفْتَدِي بِهِ؟ فَيَقُولُ: نَعَمْ، فَيَقُولُ: أَرَدْتُ مِنْكَ أَهْوَنَ مِنْ هَذَا، وَأَنْتَ فِي صُلْبِ آدَمَ: أَلّاَ تُشْرِكَ بِي شَيْئًا، فَأَبَيْتَ إِلَّا أَنْ تُشْرِكَ بِي».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, জাহান্নামত একেবাৰে লঘু শাস্তিপ্ৰাপ্ত ব্যক্তিক মহান আল্লাহে ক'ব, যদি পৃথিৱীখন আৰু ইয়াৰ মাজৰ সকলো বস্তু তোমাৰ হ'লহেঁতেন তেন্তে তুমি এই শাস্তিৰ পৰা মুক্তি পাবলৈ সেই সকলোবোৰ সা-সম্পত্তি মুক্তিপণ হিচাপে আদায় দিলাহেঁতেননে? তেতিয়া সেই ব্যক্তিজনে ক'বঃ হয় নিশ্চয়। তেতিয়া মহান আল্লাহে ক'বঃ মই তোমাৰ ওচৰত ইয়াতকৈও সহজ এটা বস্তু বিচাৰিছিলোঁ আৰু একেবাৰে উজু এটা নিৰ্দেশ দিছিলোঁ যেতিয়া তুমি আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, মোৰ লগত শ্বিৰ্ক নকৰিবা। কিন্তু তুমি সেই প্ৰতিশ্ৰুতি ভংগ কৰিছা, আৰু পাৰ্থিৱ জীৱনত শ্বিৰ্ক কৰিছা।
তাওহীদৰ ফজিলত, আৰু ইয়াৰ প্ৰতি আমল কৰা একেবাৰে সহজ।
আল্লাহৰ লগত কৰা শ্বিৰ্ক আৰু ইয়াৰ পৰিণাম অতি ভয়াৱহ।
মহান আল্লাহে আদম সন্তানৰ পৰা শ্বিৰ্ক নকৰাৰ প্ৰতিশ্ৰুতি লৈছে, যেতিয়া সিহঁত সিহঁতৰ পিতা আদমৰ পিঠিত আছিল।
শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে, আৰু জনোৱা হৈছে যে, কিয়ামতৰ দিনা কাফিৰক ৰক্ষা কৰিবলৈ সমগ্ৰ পৃথিৱীৰ একোৱে কামত নাহিব।
ছহীহ বুখাৰী (8/ 115) (6557).
ছহীহ মুছলিম (4/ 2160) (2805).
অধিক (6)
عمدة القاري شرح صحيح البخاري.
لبدر الدين العيني (15/ 213).
معجم اللغة العربية المعاصرة.
لأحمد مختار(2/ 1311).
معارج القبول بشرح سلم الوصول إلى علم الأصول.
لحافظ الحكمي (1/ 96).