যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"
«مَنْ لَقِيَ اللهَ لَا يُشْرِكُ بِهِ شَيْئًا لَمْ تَضُرَّهُ مَعَهُ خَطِيئَةٌ، وَمَنْ مَاتَ وَهُوَ يُشْرِكُ بِهِ لَمْ يَنْفَعْهُ مَعَهُ حَسَنَةٌ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যি ব্যক্তিয়ে তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিব, আৰু আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰাকৈ তেওঁক সাক্ষাৎ কৰিব, সেই ব্যক্তি হৈছে জান্নাতী, যদিও তেওঁ নিজৰ কিছু গুনাহৰ বাবে জাহান্নামত শাস্তি পাবলগীয়া হয়। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তেনেকুৱা ব্যক্তিৰ কোনো নেক আমলেই উপকাৰ নকৰিব। তাৰ ওপৰত জান্নাত হাৰাম।
শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে। কাৰণ শ্বিৰ্ক হৈছে আটাইতকৈ মহাপাপ। (তাওবা নোহোৱাকৈ) মহান আল্লাহে এই গুনাহ কেতিয়াও ক্ষমা নকৰে।
হাদীছটোত তাওহীদৰ ফজীলত উল্লেখ হৈছে, কিয়নো এইটো হৈছে জান্নাত অৰ্জনৰ মাধ্যম। যদিও শাস্তি ভোগ কৰাৰ পিছতে নহওক কিয়।
মৃত্যু পৰ্যন্ত তাওহীদৰ ওপৰত অটল থকাৰ গুৰুত্ব। লগতে ইয়াৰ পৰিপন্থী কৰ্মৰ পৰা তথা শ্বিৰ্ক আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা জৰুৰী।
মুছনাদ আহমদ (11/ 155- 156) (11/ 157) (6586).
অধিক (1)
فيض القدير شرح الجامع الصغير (6/220).