মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই?
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই? তেতিয়া তেওঁ ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা দিব বিচাৰোঁ। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! ইয়াতকৈ উত্তম আৰুনো কি হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মই মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত অৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।"
«إِنَّ اللَّهَ تَبَارَكَ وَتَعَالَى يَقُولُ لِأَهْلِ الجَنَّةِ: يَا أَهْلَ الجَنَّةِ؟ فَيَقُولُونَ: لَبَّيْكَ رَبَّنَا وَسَعْدَيْكَ، فَيَقُولُ: هَلْ رَضِيتُمْ؟ فَيَقُولُونَ: وَمَا لَنَا لاَ نَرْضَى وَقَدْ أَعْطَيْتَنَا مَا لَمْ تُعْطِ أَحَدًا مِنْ خَلْقِكَ؟ فَيَقُولُ: أَنَا أُعْطِيكُمْ أَفْضَلَ مِنْ ذَلِكَ، قَالُوا: يَا رَبِّ، وَأَيُّ شَيْءٍ أَفْضَلُ مِنْ ذَلِكَ؟ فَيَقُولُ: أُحِلُّ عَلَيْكُمْ رِضْوَانِي، فَلاَ أَسْخَطُ عَلَيْكُمْ بَعْدَهُ أَبَدًا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে জান্নাতত থকা জান্নাতীসকলক মাতি ক'বঃ হে জান্নাতীসকল! তেতিয়া তেওঁলোকে উত্তৰত ক'বঃ হে আমাৰ প্ৰতিপালক! আমি উপস্থিত আছোঁ আৰু সদায় তোমাৰ আশীৰ্বাদ কামনা কৰিছোঁ। তেতিয়া আল্লাহে তেওঁলোকক ক'বঃ তোমালোক সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ হয়, আমি সন্তুষ্ট হৈছোঁ। আমি কিয় সন্তুষ্ট নহ'ম, অথচ তুমি আমাক এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ কাকো প্ৰদান কৰা নাই। তেতিয়া মহান আল্লাহে ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা প্ৰদান নকৰিমনে? তেওঁলোকে ক'বঃ ইয়াতকৈ আৰু কি বস্তু উত্তম হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত চিৰস্থায়ী কৰি দিলোঁ। ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।
সৰ্বশক্তিমান আল্লাহে জান্নাতীসকলৰ সৈতে কথা পাতিব ইয়াৰ প্ৰমাণ পোৱা গ'ল।
মহান আল্লাহে জান্নাতীসকলক তেওঁৰ সন্তুষ্টিৰ সুসংবাদ দিব। লগতে এই কথা জনাব যে, তেওঁ সদায় তেওঁলোকৰ ওপৰত সন্তুষ্ট থাকিব, কেতিয়াও অসন্তুষ্ট নহ'ব।
জান্নাতীসকলৰ প্ৰত্যেকেই সন্তুষ্ট থাকিব, যদিও তেওঁলোকৰ মৰ্যাদা আৰু শ্ৰেণী বেলেগ বেলেগ থাকিব। কিয়নো তেওঁলোক সকলোৱে এটা বাক্যতে ক'বঃ তুমি আমাক এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যিটো সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই।
ছহীহ বুখাৰী (8/ 114) (6549).
ছহীহ মুছলিম (4/ 2176) (2829).
অধিক (6)
كنوز رياض الصالحين.
لمجموعة من الباحثين.
نزهة المتقين شرح رياض الصالحين.
مجموعة من الباحثين (2/ 1293).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 348).