Skip to content

শপত সেই সত্ত্বাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে, অন্ধকাৰ ৰাতিত আকাশত দেখা পোৱা তৰা আৰু নক্ষত্ৰৰাজিতকৈও অধিক।

আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই ক'লোঁ- হে আল্লাহৰ ৰাছুল! হাউজত পানী খোৱা পাত্ৰৰ সংখ্যা কিমান হ'ব? তেখেতে ক'লেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে, অন্ধকাৰ ৰাতিত আকাশত দেখা পোৱা তৰা আৰু নক্ষত্ৰৰাজিতকৈও অধিক। দৰাচলতে সেইবোৰ হৈছে জান্নাতৰেই পাত্ৰ, যিয়ে তাৰ পৰা এবাৰ পানী খাব, শেষলৈকে তৃষ্ণাতুৰ নহ'ব। সেই হাউজত জান্নাতৰ পৰা বৈ অহা দুখন নিজৰাৰ পানী মিশ্ৰিত থাকিব। যিয়ে সেই হাউজৰ পৰা পানী খাব, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। সেই হাউজৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত একে সমান। সেই হাউজৰ দৈৰ্ঘ্য হ'ব আম্মানৰ পৰা আইলাৰ মাজৰ ব্যৱধানৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা আৰু মৌতকৈও মিঠা হ'ব।

قُلْتُ: يَا رَسُولَ اللهِ مَا آنِيَةُ الْحَوْضِ؟ قَالَ: «وَالَّذِي نَفْسُ مُحَمَّدٍ بِيَدِهِ لَآنِيَتُهُ أَكْثَرُ مِنْ عَدَدِ نُجُومِ السَّمَاءِ وَكَوَاكِبِهَا، أَلَا فِي اللَّيْلَةِ الْمُظْلِمَةِ الْمُصْحِيَةِ، آنِيَةُ الْجَنَّةِ مَنْ شَرِبَ مِنْهَا لَمْ يَظْمَأْ آخِرَ مَا عَلَيْهِ، يَشْخَبُ فِيهِ مِيزَابَانِ مِنَ الْجَنَّةِ، مَنْ شَرِبَ مِنْهُ لَمْ يَظْمَأْ، عَرْضُهُ مِثْلُ طُولِهِ، مَا بَيْنَ عَمَّانَ إِلَى أَيْلَةَ، مَاؤُهُ أَشَدُّ بَيَاضًا مِنَ اللَّبَنِ، وَأَحْلَى مِنَ الْعَسَلِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, কিয়ামতৰ দিনা তেখেতৰ হাউজত থকা পাত্ৰৰ সংখ্যা আকাশত থকা তৰা আৰু নক্ষত্ৰৰাজিতকৈও অধিক হ'ব। জোন প্ৰকাশিত নোহোৱা অন্ধকাৰ ৰাতিত যিদৰে তৰাবোৰক দেখা পোৱা যায়। কাৰণ জোন প্ৰকাশিত হোৱা ৰাতিত জোনৰ জ্যোতিৰ কাৰণে তৰাবোৰক স্পষ্টৰূপে দেখা নাযায়। এইদৰে মেঘহীন ফৰকাল ৰাতিত দেখা পোৱা তৰাৰ দৰে, কাৰণ মেঘ থাকিলে তৰা দেখা নাযায়। আৰু সেইবোৰ হ'ব জান্নাতৰ পাত্ৰ। সেইবোৰৰ জৰিয়তে যিয়ে পানী খাব, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত্ত নহ'ব। এইটোৱে হ'ব তৃষ্ণাতুৰ অৱস্থাত সেৱন কৰা শেষ পানীয়। তেখেতৰ সেই হাউজলৈ জান্নাতৰ দুখন নিজৰাৰ পৰা পানী বৈ আহিব। সেই হাউজৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত একে সমান হ'ব। এই হাউজৰ চাৰিওসীমা একে সমান। ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত ছিৰিয়াৰ বালকাত অৱস্থিত আম্মান আৰু ছিৰিয়াৰ উপকণ্ঠ অঞ্চলৰ এখন বিখ্যাত চহৰ আইলাৰ মাজৰ দূৰত্বৰ সমান। লগতে সেই হাউজৰ পানী গাখীৰতকৈও বগা, আৰু মৌতকৈও সুমধুৰ হ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা হাউজ আৰু ইয়াৰ সৈতে জড়িত নিয়ামতসমূহ প্ৰমাণিত হ'ল।

লগতে হাউজৰ বৃহৎ আকাৰ, ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত, এইদৰে তাত অসংখ্য পাত্ৰ থাকিব এই কথাও প্ৰমাণিত হ'ল।

সম্পাদক

ছহীহ মুছলিম (4/ 1798) (2300).

অধিক (2)

النهاية في غريب الحديث والأثر لابن الأثير (ص55/643/ 469).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (37/ 369).