হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুআ কৰি কৈছিলঃ " হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ কবৰৰ শাস্তিৰ পৰা, জাহান্নামৰ আজাবৰ পৰা, জীৱন আৰু মৰণৰ ফিতনাৰ পৰা, লগতে মছীহ দাজ্জালৰ ফিতনাৰ পৰা।" মুছলিমৰ এটা বৰ্ণনাত এইদৰে আছে যে, "যেতিয়া তোমালোকে শেষ তাশ্বাহহুদ সম্পন্ন কৰিবা, তেতিয়া চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা। জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আজাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা আৰু মছীহ দাজ্জালৰ অনিষ্টৰ পৰা।"
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدْعُو وَيَقُولُ: «اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ القَبْرِ، وَمِنْ عَذَابِ النَّارِ، وَمِنْ فِتْنَةِ المَحْيَا وَالمَمَاتِ، وَمِنْ فِتْنَةِ المَسِيحِ الدَّجَّالِ». وفِي لَفْظٍ لِمُسْلِمٍ: «إِذَا فَرَغَ أَحَدُكُمْ مِنَ التَّشَهُّدِ الْآخِرِ، فَلْيَتَعَوَّذْ بِاللهِ مِنْ أَرْبَعٍ: مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ الْمَسِيحِ الدَّجَّالِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজত অন্তিম তাশ্বাহহুদৰ পিছত আৰু ছালাম ফিৰোৱাৰ আগত চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল, লগতে তেখেতে আমাকো সেইবোৰৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিছে। ১) কবৰৰ শাস্তিৰ পৰা। ২) জাহান্নামৰ শাস্তিৰ পৰা, অৰ্থাৎ কিয়ামতৰ দিনা। ৩) জীৱনৰ ফিতনাৰ পৰা, যেনে- হাৰাম আশা-আকাংক্ষা আৰু পথভ্ৰষ্ট কৰিব পৰা সন্দেহৰ পৰা। মৃত্য়ুৰ ফিতনা যেনে- মৃত্যুৰ সময়ত ইছলামৰ পৰা তথা ছুন্নতৰ পৰা বিভ্ৰান্ত হোৱা, এইদৰে কবৰৰ ফিতনা যেনে- ফিৰিস্তাসকলৰ প্ৰশ্নৰ পৰা। ৪) মছীহ দাজ্জালৰ ফিতনাৰ পৰা, যাৰ আৱিৰ্ভাৱ শেষ জামানাত হ'ব। যাৰ দ্বাৰা আল্লাহে বান্দাসকলক পৰীক্ষা কৰিব। ইয়াত দাজ্জালৰ বিষয়টো বিশেষকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে, ইয়াৰ ফিতনা বৰ ভয়ানক হ'ব, লগতে সি অধিকাংশ লোকক পথভ্ৰষ্ট কৰিব।
...:
এইটো হৈছে আশ্ৰয় প্ৰাৰ্থনামূলক এটা গুৰুত্বপূৰ্ণ দুআ। কাৰণ ইয়াৰ দ্বাৰা পৃথিৱী আৰু আখিৰাতৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে।
কবৰৰ শাস্তি প্ৰমাণিত আৰু এইটো সত্য।
ফিতনাৰ ভয়াৱহতা আৰু আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ গুৰুত্ব তথা নাজাতৰ দুআ কৰাৰ মহত্ব বুজোৱা হৈছে।
দাজ্জালৰ আৱিৰ্ভাৱ হোৱাটো নিশ্চিত আৰু এইটো হৈছে এটা মহা ফিতনা।
শেষ তাশ্বাহহুদৰ পিছত এই দুআটো পঢ়া মুস্তাহাব।
নেক কামৰ পিছত দুআ কৰা মুস্তাহাব।
ছহীহ বুখাৰী (2/ 99) (1377).
ছহীহ মুছলিম (1/ 412) (588).
অধিক (6)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 172).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص212).
خلاصة الكلام شرح عمدة الأحكام.
لفيصل آل مبارك (ص96).
গ্ৰন্থসমূহত উল্লেখিত
15 গ্ৰন্থসমূহ- পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনাহে আল্লাহ! মই কাপুৰুষতাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"আল্লা-হুম্মা ইন্নি আউজুবিকা মিন আজা-বিল কাব্ৰি, অমিন আজা-বি জাহান্নাম, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল।" [৭৯]
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم"আল্লা-হুম্মা ইন্নি আউজুবিকা মিন আজা-বিল কাব্ৰি, অমিন আজা-বি জাহান্নাম, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল।"
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতিكَيفِيَّةُ صَلَاةِ النَّبِيِّ ﷺ আল্লাহুম্মা ইন্নি আউজুবিকা মিন আজাবি জাহান্নাম, অমিন আজাবিল কাবৰি, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল। [14]
অধিক (11)
- الحقيقة المُبْهِرَة في العلاقة بين الإسلام والإنسان(اللهم إني أعوذ بك من جار السوء ..)[55].
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«إِذَا تَشَهَّدَ أَحَدُكُمْ فَلْيَسْتَعِذْ بِاللهِ مِنْ أَرْبَعٍ، يَقُولُ: اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ القَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ المَسِيحِ الدَّجَّالِ»
- تطبيق القرآن والأذكارأذكار الصلاة((اللَّهُــمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ الْقَبْرِ، وَمِنْ عَذَابِ جَهَنَّمَ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ))[79].
- رسالة في الأذكار1«إِذَا فَرَغَ أَحَدُكُمْ مِنَ التَّشَهُّدِ الْآخِرِ فَلْيَتَعَوَّذْ بِاللهِ مِنْ أَرْبَعٍ: مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ المَحْيَا وَالمَمَاتِ، وَمِنْ شَرِّ المَسِيحِ الدَّجَّالِ».
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الجُبْنِ» [52].
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«إذَا تشَهَّدَ أحَدُكُم فَلْيَسْتَعذْ بالله من أرْبعٍ، يقولُ: اللهم إنِّي أعُوذُ بك مِن عذابِ جَهَنَّمَ، ومِن عذابِ القَبرِ، ومِن فتنةِ المَحْيَا والمَمَاتِ، ومِن شرِّ فتنةِ المسيحِ الدَّجَّالِ».
- صلاتنا الخاشعة"اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ"([34]).
- ما لا يسع أطفال المسلمين جهله«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الجُبْنِ...»[205].
- ما لا يسع المسلم جهله«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ»[30].
- مجموعة زاد التربية الإسلامية (2)1«إِذَا فَرَغَ أَحَدُكُمْ مِنْ التَّشَهُّدِ الْآخِرِ فَلْيَتَعَوَّذْ بِاﷲ مِنْ أَرْبَعٍ: مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ الْمَسِيحِ الدَّجَّالِ».
- مشروع المنهج التعليميمادة الفقه مستوى 1«اللهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ الْقَبْرِ، وَمِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ الْمَسِيحِ الدَّجَّالِ»