Skip to content

"হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা কৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা।

আবুল আব্বাছ আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এবাৰ (বাহনত) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিলোঁ, সেই সময়তে তেখেতে ক'লেঃ

"হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা কৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সমগ্ৰ মানৱজাতিয়ে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।" তিৰমিজীৰ বাহিৰে বেলেগ বৰ্ণনাত আছে যে, "আল্লাহক স্মৰণ কৰা, তেন্তে তুমি তেওঁক তোমাৰ সন্মুখত পাবা, তুমি স্বচ্ছল অৱস্থাত আল্লাহক স্মৰণ কৰিবা, তেওঁ তোমাক কঠিন অৱস্থাত স্মৰণ কৰিব। মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেইটোৰ পৰা তুমি কেতিয়াও বঞ্চিত নহ’লাহেঁতেন। জানি থোৱা! ধৈৰ্য্য ধাৰণ কৰিলেহে সহায় পোৱা যায়। নিশ্চয় কষ্টৰ পিছতহে সুখ আহে। কঠিন অৱস্থাৰ পিছত স্বচ্ছলতা আহে।"

«يَا غُلَامِ! إنِّي أُعَلِّمُك كَلِمَاتٍ: احْفَظِ اللَّهَ يَحْفَظْكَ، احْفَظِ الله تَجِدْهُ تُجَاهَكَ، إذَا سَأَلْتَ فَاسْأَلِ اللهَ، وَإِذَا اسْتَعَنْتَ فَاسْتَعِنْ بِاَللهِ، وَاعْلَمْ أَنَّ الأُمَّةَ لَوْ اجْتَمَعَتْ عَلَى أَنْ يَنْفَعُوكَ بِشَيْءٍ لَمْ يَنْفَعُوكَ إلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللَّهُ لَكَ، وَإِنِ اجْتَمَعُوا عَلَى أَنْ يَضُرُّوكَ بِشَيْءٍ لَمْ يَضُرُّوكَ إلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللَّهُ عَلَيْكَ؛ رُفِعَتِ الأَقْلَامُ، وَجَفَّتِ الصُّحُفُ». وَفِي رِوَايَةِ غَيْرِ التِّرْمِذِيِّ: «احْفَظِ اللهَ تَجِدْهُ أَمَامَكَ، تَعَرَّفْ إلَى اللهِ فِي الرَّخَاءِ يَعْرِفْكَ فِي الشِّدَّةِ، وَاعْلَمْ أَنَّ مَا أَخْطَأَكَ لَمْ يَكُنْ لِيُصِيبَكَ، وَمَا أَصَابَك لَمْ يَكُنْ لِيُخْطِئَكَ، وَاعْلَمْ أَنَّ النَّصْرَ مَعَ الصَّبْرِ، وَأَنْ الفَرَجَ مَعَ الكَرْبِ، وَأَنَّ مَعَ العُسْرِ يُسْرًا».

(তিৰমিজী)
ছহীহ
ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল সেই সময়ৰ কথা, তেওঁ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত আৰোহণ কৰি থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই তোমাক কেইটিমান বিষয় শিকাম যিবোৰৰ দ্বাৰা আল্লাহে তোমাক উপকৃত কৰিব। আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধাজ্ঞাবোৰ যথাযথভাৱে পালন কৰিবা, যাতে আল্লাহে তোমাক সদায় তেওঁৰ আনুগত্য আৰু নৈকট্যমূলক কৰ্মত পায়, আনহাতে তোমাক পাপকৰ্ম তথা গুনাহৰ কামত যাতে নাপায়। যদি তুমি এইটো কৰা তেন্তে ইয়াৰ ফলত আল্লাহে তোমাক দুনিয়া আৰু আখিৰাতৰ সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, লগতে তোমাক সকলো কামতে সহায় কৰিব, তুমি য'তেই নাথাকা কিয়। যদি তোমাৰ কিবা প্ৰয়োজন হয়, তেন্তে আল্লাহৰ ওচৰত খুজিবা, কাৰণ একমাত্ৰ তেৱেঁই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবূল কৰে। আৰু যদি তোমাক সহায়ৰ প্ৰয়োজন হয় তেন্তে কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা। লগতে তুমি চূড়ান্তৰূপে এই বিশ্বাস ৰাখিবা যে, গোটেই পৃথিৱীৰ মানুহ একত্ৰিত হৈ তোমাক উপকাৰ কৰিব বিচাৰিলেও বিন্দু পৰিমাণ তোমাৰ উপকাৰ কৰিব নোৱাৰে, কেৱল সেইখিনিৰ বাহিৰে যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। আনহাতে গোটেই পৃথিৱীবাসীয়ে মিলি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰিলে তোমাক একো ক্ষতি কৰিব নোৱাৰিব, কেৱল সেইখিনিয়ে ক্ষতি কৰিব পাৰিব যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। এই বিষয়টো সৰ্বশক্তিমান আল্লাহে তেওঁৰ জ্ঞান আৰু হিকমত অনুযায়ী পূৰ্বেই লিপিবদ্ধ কৰি ৰাখিছে, আল্লাহে লিপিবদ্ধ কৰা ভাগ্যত কোনো ধৰণৰ পৰিবৰ্তন নহয়। যিয়ে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু নিষেধসমূহৰ পৰা বিৰত থাকি তেওঁক স্মৰণ কৰিব, তেন্তে তেওঁ সদায় আল্লাহক নিজৰ সন্মুখতে পাব, অৰ্থাৎ আল্লাহে তেওঁক সদায় সহায় কৰিব আৰু সমৰ্থন কৰিব। সুখী অৱস্থাত যেতিয়া মানুহে আল্লাহৰ আনুগত্য কৰে, তেতিয়া আল্লাহে তাক কঠিন অৱস্থাত তথা বিপদ-আপদৰ সময়ত সহায় কৰে আৰু পৰিত্ৰাণৰ পথ উলিয়াই দিয়ে। সেয়ে বান্দাই আল্লাহে নিৰ্ধাৰণ কৰা প্ৰতিটো কল্যাণ অকল্যাণৰ ক্ষেত্ৰত সন্তুষ্ট থকা উচিত। বিপদ-আপদ আৰু কঠিন পৰিস্থিতিত বান্দাই ধৈৰ্য্য ধাৰণ কৰা উচিত। কাৰণ ধৈৰ্য্যই হৈছে প্ৰশস্ততাৰ চাবি। বিপদ যেতিয়া সীমা চেৰাই যায় তেতিয়া আল্লাহৰ সহায় আহি পৰে। কঠিন পৰিস্থিতিৰ পিছতেই আল্লাহে, সুখৰ পথ মুকলাই দিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সৰু ল'ৰা ছোৱালীবোৰক দ্বীনৰ মৌলিক বিষয়বোৰ যেনে- তাওহীদ, ইছলামিক শিষ্টাচাৰ আদি শিক্ষা দিব লাগে।

কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।

আল্লাহৰ ওপৰত ভৰসা আৰু তাৱাক্কুল কৰাৰ নির্দেশ দিয়া হৈছে, তেওঁৰ বাহিৰে আন কাৰো ওপৰত নহয়। তেওঁ অত্যন্ত উত্তম কৰ্মবিধায়ক।

ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা আৰু এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰা। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।

যিয়ে আল্লাহৰ বিধি-বিধানক ভ্ৰূক্ষেপ নকৰে, নিশ্চয় আল্লাহেও তাক ভ্ৰূক্ষেপ নকৰে আৰু সুৰক্ষা প্ৰদান নকৰে।

মহা সুসংবাদ হৈছে এইটো যে, মানুহৰ ওপৰত যেতিয়া কোনো বিপদ আহে, তেতিয়া তেওঁ স্বচ্ছলতাৰ অপেক্ষা কৰা উচিত।

মুচিবতৰ সময়ত অথবা কোনো প্রিয় বস্তু নোপোৱা হ’লে বান্দাক সান্তনা লভিবলৈ কোৱা হৈছে। তেওঁ কৈছেঃ “মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেইটোৰ পৰা তুমি কেতিয়াও বঞ্চিত নহ’লাহেঁতেন।” প্ৰথম বাক্যটোৰ জৰিয়তে অনিষ্ট সাধন হোৱা অৱস্থাত সান্তনা দিয়া হৈছে আৰু দ্বিতীয় বাক্যটোৰ জৰিয়তে প্রিয় বস্তু নোপোৱাৰ ক্ষেত্ৰত সান্তনা দিয়া হৈছে।

সম্পাদক

ছুনান তিৰমিজী (4/ 284) (2516).

অধিক (5)

التحفة الربانية في شرح الأربعين حديثًا النووية (ص42).

شرح الأربعين النووية.

لابن عثيمين (ص200).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

للعباد (ص69).