Skip to content

“হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা।

আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

আবু জৰ গিফাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে যে, মহান আল্লাহে কৈছে, “হে মোৰ বান্দাসকল! মই মোৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছোঁ, আৰু তোমালোকৰ মাজতো ইয়াক হাৰাম কৰিছোঁ। গতিকে তোমালোকেও ইজনে সিজনক অন্যায় নকৰিবা। হে মোৰ বান্দাসকল! তোমালোক আটায়েই পথভ্রষ্ট; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই সঠিক পথ দেখুৱাইছোঁ (অৰ্থাৎ হিদায়ত প্ৰদান কৰিছোঁ)। গতিকে তোমালোকে মোৰ ওচৰত হিদায়ত কামনা কৰা, ময়ে তোমালোকক সঠিক পথ দেখুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে ক্ষুধাৰ্ত; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই পানাহাৰ কৰাওঁ। গতিকে তোমালোকে মোৰ ওচৰতেই পানাহাৰ বিচৰা, ময়ে তোমালোকক খুৱাম। হে মোৰ বান্দাসকল! তোমালোক সকলোৱে বস্ত্রহীন; কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক মই বস্ত্র দান কৰিছোঁ। গতিকে তোমালোকে মোৰ ওচৰত বস্ত্র বিচৰা, মই তোমালোকক বস্ত্রদান কৰিম। হে মোৰ বান্দাসকল! তোমালোকে দিনে-ৰাতি পাপ কৰি থাকা আৰু ময়েই তোমালোকৰ সকলো পাপ ক্ষমা কৰি দিওঁ। গতিকে তোমালোকে কেৱল মোৰ ওচৰতেই ক্ষমা প্রার্থনা কৰা, নিশ্চয় মই তোমালোকক ক্ষমা কৰি দিম। হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোৰ একো ক্ষতি কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। হে মোৰ বান্দাসকল! যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে, জ্বিন হওক অথবা মানুহ, তোমালোক সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ মুত্তাক্বী ব্যক্তিৰ নিচিনা মুত্তাক্বী হৈ যোৱা, তথাপিও মোৰ ৰাজত্বৰ একো বৃদ্ধি নহ’ব। হে মোৰ বান্দাসকল! আনহাতে যদি তোমালোকৰ মাজৰ প্ৰত্যেকেই প্রথমৰ পৰা শেষলৈকে মানৱ আৰু জ্বিন সকলোৱে যদি তোমালোকৰ মাজৰ আটাইতকৈ ডাঙৰ পাপীৰ দৰে হৈ পৰে, তথাপিও এইটোৱে মোৰ ৰাজত্বৰ একো হ্ৰাস কৰিব নোৱাৰিব। হে মোৰ বান্দাসকল! যদি তোমালোকৰ প্রথম প্রজন্মৰ পৰা শেষ প্রজন্মলৈকে মানৱ আৰু জ্বিন সকলোৱে মিলি এখন পথাৰত একত্রিত হৈ মোৰ ওচৰত প্রার্থনা কৰা, আৰু মই যদি তোমালোকৰ প্রত্যেককে তাৰ বিচৰা বস্তুটো দান কৰোঁ, তথাপিও (এই দানে) মোৰ ওচৰত থকা ভাণ্ডাৰৰ কেৱল সেইখিনিয়ে হ্ৰাস কৰিবলৈ সক্ষম হ’ব, এটা বেজি সাগৰৰ পানীত ডুবালে সাগৰৰ পানীৰ পৰা যিমানখিনি হ্ৰাস হয়। হে মোৰ বান্দাসকল! নিশ্চয় মই তোমালোকৰ কর্মসমূহ হিচাপ কৰি ৰাখিছোঁ। এতেকে মই তোমালোকক ইয়াৰ পৰিপূৰ্ণ বিনিময় দান কৰিম। এতেকে যিয়ে কল্যাণ লাভ কৰিব, তেওঁ আল্লাহৰ প্রশংসা কৰা উচিত। আৰু যিয়ে ইয়াৰ বিপৰীতটো (অর্থাৎ অকল্যাণ) লাভ কৰিব, সি নিজকেই তিৰস্কাৰ কৰা উচিত।”

عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِيمَا رَوَى عَنِ اللهِ تَبَارَكَ وَتَعَالَى أَنَّهُ قَالَ: «يَا عِبَادِي إِنِّي حَرَّمْتُ الظُّلْمَ عَلَى نَفْسِي، وَجَعَلْتُهُ بَيْنَكُمْ مُحَرَّمًا، فَلَا تَظَالَمُوا، يَا عِبَادِي كُلُّكُمْ ضَالٌّ إِلَّا مَنْ هَدَيْتُهُ، فَاسْتَهْدُونِي أَهْدِكُمْ، يَا عِبَادِي كُلُّكُمْ جَائِعٌ إِلَّا مَنْ أَطْعَمْتُهُ، فَاسْتَطْعِمُونِي أُطْعِمْكُمْ، يَا عِبَادِي كُلُّكُمْ عَارٍ إِلَّا مَنْ كَسَوْتُهُ، فَاسْتَكْسُونِي أَكْسُكُمْ، يَا عِبَادِي إِنَّكُمْ تُخْطِئُونَ بِاللَّيْلِ وَالنَّهَارِ وَأَنَا أَغْفِرُ الذُّنُوبَ جَمِيعًا فَاسْتَغْفِرُونِي أَغْفِرْ لَكُمْ، يَا عِبَادِي إِنَّكُمْ لَنْ تَبْلُغُوا ضَرِّي فَتَضُرُّونِي، وَلَنْ تَبْلُغُوا نَفْعِي فَتَنْفَعُونِي، يَا عِبَادِي لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ كَانُوا عَلَى أَتْقَى قَلْبِ رَجُلٍ وَاحِدٍ مِنْكُمْ مَا زَادَ ذَلِكَ فِي مُلْكِي شَيْئًا، يَا عِبَادِي لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ كَانُوا عَلَى أَفْجَرِ قَلْبِ رَجُلٍ وَاحِدٍ مَا نَقَصَ ذَلِكَ مِنْ مُلْكِي شَيْئًا، يَا عِبَادِي لَوْ أَنَّ أَوَّلَكُمْ وَآخِرَكُمْ وَإِنْسَكُمْ وَجِنَّكُمْ قَامُوا فِي صَعِيدٍ وَاحِدٍ فَسَأَلُونِي فَأَعْطَيْتُ كُلَّ إِنْسَانٍ مَسْأَلَتَهُ مَا نَقَصَ ذَلِكَ مِمَّا عِنْدِي إِلَّا كَمَا يَنْقُصُ الْمِخْيَطُ إِذَا أُدْخِلَ الْبَحْرَ، يَا عِبَادِي إِنَّمَا هِيَ أَعْمَالُكُمْ أُحْصِيهَا لَكُمْ ثُمَّ أُوَفِّيكُمْ إِيَّاهَا، فَمَنْ وَجَدَ خَيْرًا فَلْيَحْمَدِ اللهَ، وَمَنْ وَجَدَ غَيْرَ ذَلِكَ فَلَا يَلُومَنَّ إِلَّا نَفْسَهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মহান আল্লাহে কৈছে, তেওঁ নিজৰ ওপৰত অন্যায়-অত্যাচাৰক হাৰাম কৰি লৈছে। লগতে তেওঁৰ বান্দাসকলৰ ওপৰতো হাৰাম কৰিছে, সিহঁতেও যেন কাৰো ওপৰত অন্যায় নকৰে। সত্য পথৰ পৰা সকলোৱে বিভ্ৰান্ত হৈ আছে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে তথা তাওফীক দান কৰিছে। এতেকে যিয়ে আল্লাহৰ ওচৰত হিদায়তৰ তাওফীক কামনা কৰিব, আল্লাহে তাক হিদায়তৰ তাওফীক দান কৰিব। সকলো ক্ষেত্ৰতে বান্দা আল্লাহৰ মুখাপেক্ষী, গতিকে যিয়ে নিজৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব, আল্লাহে তাৰ প্ৰয়োজন পূৰণ কৰি দিব আৰু তাৰ বাবে তেৱেঁই যথেষ্ট। সিহঁতে দিনে ৰাতি আল্লাহৰ অবাধ্যতা কৰে, আনহাতে আল্লাহে সিহঁতৰ সেই গুনাহসমূহ গোপন কৰি ৰাখে, লগতে বান্দাই আল্লাহৰ ওচৰত মাগফিৰাত বিচাৰিলে আল্লাহে ক্ষমা কৰি দিয়ে। সিহঁতে আল্লাহৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। সিহঁত আটায়ে যদি সৰ্বোচ্চ মুত্তাক্বী পৰহেজগাৰ ব্যক্তিৰ দৰেও হৈ পৰে, তথাপিও সিহঁতৰ তাক্বৱাই আল্লাহৰ ৰাজত্বত একো বৃদ্ধি কৰিব নোৱাৰে। আনহাতে সিহঁত সকলোৰে অন্তৰ যদি আটাইতকৈ নিকৃষ্ট ব্যক্তিৰ দৰেও হৈ পৰে, তথাপিও সিহঁতৰ পাপকৰ্মই তেওঁৰ ৰাজত্বৰ একো ক্ষতি কৰিব নোৱাৰে। কাৰণ সিহঁত হৈছে অতি দুৰ্বল, আল্লাহৰ মুখাপেক্ষী। সকলো সময়তে সকলো স্থানতে সিহঁত আল্লাহৰ মুখাপেক্ষী। পক্ষান্তৰে মহান আল্লাহ অমুখাপেক্ষী। জিন আৰু মানৱ প্ৰথমৰ পৰা শেষলৈকে সকলোৱে যদি এটা স্থানত একত্ৰিত হৈ নিজৰ নিজৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আল্লাহে সকলোৰে প্ৰাৰ্থনা কবূল কৰে, তথাপিও আল্লাহৰ ধন-ভাণ্ডাৰৰ পৰা একো হ্ৰাস নহ'ব, আনকি বেজী এডাল যদি সাগৰত ডুবাই তুলি অনা হয় আৰু তাত যিখিনি পানী লাগি থাকে সেইখিনিও হ্ৰাস নহয়। কাৰণ তেওঁ পৰিপূৰ্ণৰূপে অমুখাপেক্ষী। মহান আল্লাহে বান্দাৰ আমল সংৰক্ষণ কৰি ৰাখে আৰু হিচাপ কৰি ৰাখে। ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰিব। যিয়ে সিদিনা নিজৰ কৰ্মৰ ভাল প্ৰতিদান লাভ কৰিব, তেওঁ আল্লাহৰ প্ৰশংসা কৰিব, কাৰণ তেৱেঁই তাক আনুগত্য কৰাৰ তাওফীক দান কৰিছিল। আনহাতে যিয়ে নিজৰ কৰ্মৰ বেয়া প্ৰতিফল লাভ কৰিব, সি নিজকে ভৰ্ৎসনা কৰিব, কাৰণ তাৰ বেয়া প্ৰবৃত্তিয়ে তাক ধ্বংসৰ পথ দেখুৱাইছিল।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই হাদীছটোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বোলে। যি হাদীছৰ শব্দ আৰু অৰ্থ আল্লাহৰ পৰা অৱতীৰ্ণ। কিন্তু ইয়াৰ ভিতৰত কোৰআনৰ কোনো বিশেষত্ব নাই, যিবোৰ বিশেষত্ব একমাত্ৰ কোৰআনৰ বাবেই নিৰ্দিষ্ট। যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, পৱিত্ৰ হৈ স্পৰ্শ কৰিব লাগে, কোৰআনৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে, লগতে কোৰআনৰ মাজত আছে বহুতো অলৌকিকতা, ইত্যাদি।

বান্দাই যি জ্ঞান অৰ্জন কৰে অথবা হিদায়ত লাভ কৰে, সেই হিদায়ত আৰু শিক্ষা আল্লাহৰ পৰাই লাভ কৰে।

বান্দাই যি কল্যাণ অৰ্জন কৰে সেইটো আল্লাহৰেই অনুগ্ৰহ। আনহাতে বান্দাই যি অকল্যাণৰ সন্মুখীন হয়, সেয়া সি নিজৰ দোষতে হয়।

যিয়ে সৎকৰ্ম কৰে, সি আল্লাহৰ তাওফীকতে কৰে আৰু ইয়াৰ প্ৰতিফলো আল্লাহৰ অনুগ্ৰহতে লাভ কৰিব, গতিকে প্ৰশংসা কেৱল আল্লাহৰেই। আনহাতে যিয়ে অসৎকৰ্ম কৰে, সি নিজকেই ভৰ্ৎসনা কৰিব।

সম্পাদক

ছহীহ মুছলিম (4/ 1994) (2577).

অধিক (7)

التحفة الربانية في شرح الأربعين حديثًا النووية (ص52).

شرح الأربعين النووية.

لابن عثيمين (ص235).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

للعباد (ص82).

الأحاديث الأربعون النووية وعليها الشرح الموجز المفيد.

لعبد الله المحسن (ص46).