মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে। সূৰ্য্য উদয় হোৱা প্ৰতিটো দিনতে দুজন লোকৰ মাজত সুবিচাৰ কৰাটোও হৈছে চাদাক্বাহ। কাৰোবাক বাহনত আৰোহণ কৰিবলৈ সহায় কৰা অথবা বয়-বস্তু উঠাই দিয়াটোও হৈছে চাদাক্বাহ। উত্তম কথা কোৱাটোও হৈছে চাদাক্বাহ। নামাজৰ বাবে দিয়া প্ৰতিটো খোজ হৈছে চাদাক্বাহ। পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
«كُلُّ سُلاَمَى مِنَ النَّاسِ عَلَيْهِ صَدَقَةٌ، كُلَّ يَوْمٍ تَطْلُعُ فِيهِ الشَّمْسُ يَعْدِلُ بَيْنَ الِاثْنَيْنِ صَدَقَةٌ، وَيُعِينُ الرَّجُلَ عَلَى دَابَّتِهِ فَيَحْمِلُ عَلَيْهَا أَوْ يَرْفَعُ عَلَيْهَا مَتَاعَهُ صَدَقَةٌ، وَالكَلِمَةُ الطَّيِّبَةُ صَدَقَةٌ، وَكُلُّ خُطْوَةٍ يَخْطُوهَا إِلَى الصَّلاَةِ صَدَقَةٌ، وَيُمِيطُ الأَذَى عَنِ الطَّرِيقِ صَدَقَةٌ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, চৰীয়তৰ অধীনস্থ প্ৰতিজন মুছলিমৰ ওপৰতে দৈনিক নিজৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ কৰা উচিত। এইটো মহান আল্লাহে কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে পালন কৰিবলৈ বিধিবদ্ধ কৰিছে, যাতে বান্দা সুস্থ থাকে। কাৰণ তেৱেঁই এইবোৰ গাঁঠি বনাইছে, যাৰ দ্বাৰা বান্দাই নিজৰ সুবিধামতে ধৰিব পাৰে আৰু প্ৰসাৰিত কৰিব পাৰে। এই চাদাক্বাহ সকলো প্ৰকাৰ নেক আমলৰ জৰিয়তে কৰিব পাৰি, কেৱল ধন-সম্পদৰ মাজতেই সীমাবদ্ধ নহয়। যেনে- দুজন বিবদমান লোকৰ মাজত মীমাংসা কৰি দিয়াটোও হৈছে চাদাক্বাহ। বাহনত আৰোহণ কৰিব নোৱাৰা ব্যক্তিক আৰোহণ কৰাত সহায় কৰা অথবা বাহনত বয়-বস্তু উঠাই দিয়াত সহায় কৰাটোও হৈছে চাদাক্বাহ, উত্তম কথা যেনে- জিকৰ-আজকাৰ, দুআ, ছালাম আদিও হৈছে চাদাক্বাহ। নামাজৰ বাবে খোজকাঢ়ি যোৱা প্ৰতিটো পদক্ষেপ হৈছে চাদাক্বাহ। ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।
سُلامى: بضم السين المهملة وتخفيف اللام مع القصر، وهي المفاصل، وقد ثبت في صحيح مسلم أنها ثلاثمائة وستون.
মানৱ শৰীৰৰ প্ৰতিটো গাঁঠি আল্লাহৰ নিয়ামতসমূহৰ মাজৰ এটা মহান নিয়ামত। গতিকে প্ৰতিটো গাঁঠিৰ বিপৰীতে বান্দাই চাদাক্বাহ কৰা উচিত। যাতে বান্দাই এই নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰে।
দৈনিক এই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে। যাতে এই নিয়ামত অব্যাহত থাকে।
দৈনিক নফল ইবাদত আৰু দান-খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে।
মানুহৰ মাজত মীমাংসা কৰি দিয়াৰ গুৰুত্ব।
ইজনে সিজনক সহায়-সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ সহায়-সহযোগ কৰাটোও হৈছে চাদাক্বাহ।
মছজিদ আবাদ কৰা, তথা জামাতত চামিল হ'বলৈ খোজকাঢ়ি যাবলৈ উৎসাহিত কৰা হৈছে।
মুছলিমসকলক কষ্ট দিব পৰা বা ক্ষতি কৰিব পৰা সকলো প্ৰকাৰ বস্তু পথৰ পৰা আঁতৰাই দিয়াটো জৰুৰী।
ছহীহ বুখাৰী (4/ 56) (2989).
ছহীহ মুছলিম (1/ 498) (720).
অধিক (17)
-التحفة الربانية في شرح الأربعين حديثًا النووية.
مطبعة دار نشر الثقافة.
الإسكندرية.
الطبعة: الأولى.
1380 هـ.
-شرح الأربعين النووية.
للشيخ ابن عثيمين.
دار الثريا للنشر.
-فتح القوي المتين في شرح الأربعين وتتمة الخمسين.
دار ابن القيم.
الدمام المملكة العربية السعودية.
الطبعة: الأولى.
1424هـ/2003م.
-الفوائد المستنبطة من الأربعين النووية.
للشيخ عبد الرحمن البراك.
دار التوحيد للنشر.
الرياض.
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«كُلُّ سُلَامَى مِنَ النَّاسِ عَلَيْهِ صَدَقَةٌ، كُلَّ يَوْمٍ تَطْلُعُ فِيهِ الشَّمْسُ يَعْدِلُ بَيْنَ الْإِثْنَيْنِ صَدَقَةٌ، وَيُعِينُ الرَّجُلَ عَلَى دَابَّتِهِ فَيَحْمِلُ عَلَيْهَا أَوْ يَرْفَعُ عَلَيْهَا مَتَاعَهُ صَدَقَةٌ، وَالْكَلِمَ
- العلم الواجب بدون فقه وبدون زيادات1((كُلُّ يَوْمٍ تَطْلَعُ فِيهِ الشَّمْسُ)).
- ما لا يسع أطفال المسلمين جهله«وَيُمِيطُ الأَذَى عَنِ الطَّرِيقِ صَدَقَةٌ»[133].
- مجموعة زاد الحديث(2)1(كُلُّ سُلامَى مِنَ النَّاسِ عَلَيْهِ صَدَقَةٌ...)
- مشروع منهاج زادكزادك 2 طالب نهائي«كُلُّ سُلَامَى مِنَ النَّاسِ عَلَيْهِ صَدَقَةٌ كُلَّ يَوْمٍ تَطْلُعُ فِيهِ الشَّمْسُ، يَعْدِلُ بَيْنَ الِاثْنَيْنِ صَدَقَةٌ، وَيُعِينُ الرَّجُلَ عَلَى دَابَّتِهِ فَيَحْمِلُ عَلَيْهَا، أَوْ يَرْفَعُ عَلَيْهَا مَتَاعَهُ صَدَقَةٌ، وَالكَلِمَة
- نبراس طالب (3)نبراس طالب 3«كُلُّ سُلاَمَى مِنَ النَّاسِ عَلَيْهِ صَدَقَةٌ كُلَّ يَوْمٍ تَطْلُعُ فِيهِ الشَّمْسُ، يَعْدِلُ بَيْنَ الِاثْنَيْنِ صَدَقَةٌ، وَيُعِينُ الرَّجُلَ عَلَى دَابَّتِهِ فَيَحْمِلُ عَلَيْهَا، أَوْ يَرْفَعُ عَلَيْهَا مَتَاعَهُ صَدَقَةٌ، وَالكَلِمَة