Skip to content

দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।"

«الْمُؤْمِنُ الْقَوِيُّ، خَيْرٌ وَأَحَبُّ إِلَى اللهِ مِنَ الْمُؤْمِنِ الضَّعِيفِ، وَفِي كُلٍّ خَيْرٌ، احْرِصْ عَلَى مَا يَنْفَعُكَ، وَاسْتَعِنْ بِاللهِ وَلَا تَعْجَزْ، وَإِنْ أَصَابَكَ شَيْءٌ، فَلَا تَقُلْ لَوْ أَنِّي فَعَلْتُ كَانَ كَذَا وَكَذَا، وَلَكِنْ قُلْ قَدَرُ اللهِ وَمَا شَاءَ فَعَلَ، فَإِنَّ (لَوْ) تَفْتَحُ عَمَلَ الشَّيْطَانِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, প্ৰতিজন মুমিনৰ মাজতেই কল্যাণ আছে। কিন্তু ঈমান, প্ৰতিজ্ঞা, ধন-সম্পদ আদি শক্তিৰ ক্ষেত্ৰত দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন আল্লাহৰ দৃষ্টিত অধিক পছন্দনীয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলক আল্লাহৰ ওপৰত ভৰসা কৰিবলৈ, তেওঁৰ সহায় বিচাৰিবলৈ আৰু তেওঁৰ ওপৰত তাৱাক্কুল কৰি দুনিয়া আৰু আখিৰাতত উপকাৰ হ'ব পৰা বিষয়ৰ উপায় অৱলম্বন কৰিবলৈ উপদেশ দিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুনিয়া আৰু আখিৰাতৰ উপকাৰী বিষয়ত অৱহেলা কৰিবলৈ, সেইবোৰ পালনত গধূৰ অনুভৱ কৰিবলৈ তথা অক্ষমতা প্ৰকাশ কৰিবলৈ নিষেধ কৰিছে। কাৰণ আমল কৰাৰ ক্ষেত্ৰত মুমিনে যদি সাধ্য অনুযায়ী চেষ্টা কৰে আৰু পৰ্যাপ্ত উপায় অৱলম্বন কৰে, আল্লাহৰ ওচৰত কল্যাণ বিচাৰি সহায় প্ৰাৰ্থনা কৰে, তেন্তে তাৰ ওপৰত আৰু কোনো অভিযোগ নাথাকে, সেই বিষয়টো আল্লাহৰ ওপৰত অৰ্পন কৰা হয়। জানি থোৱা উচিত যে, আল্লাহে যিটো নিৰ্ধাৰণ কৰে সেইটোৱে কল্যাণ। ইয়াৰ পিছতো যদি কোনো বিপদৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে এইটো কোৱা উচিত নহয় যে, "মই যদি এইটো কৰিলোহেঁতেন তেন্তে এইটো হ'লহেঁতেন।" কাৰণ "যদি" শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে, ইয়াৰ দ্বাৰা ভাগ্যত অভিযোগ কৰাৰ দুঃসাহস কৰে, আৰু যিটো পোৱা নাই সেইটোৰ বাবে অধিক অনুতাপ হয়। বৰং ইয়াৰ বিপৰীতে ভাগ্যৰ ওপৰত সন্তুষ্ট হৈ এইদৰে ক'ব লাগেঃ "قَدر الله، وما شاء فعل" এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। গতিকে যিটোৱে সংঘটিত হয় সেইটো আল্লাহৰ ইচ্ছা মুতাবিকে হয়। কাৰণ তেওঁ সেইটোৱে কৰে যিটো তেওঁ বিচাৰে। তেওঁৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ ফয়চালাৰ ওপৰত কোনো মন্তব্যকাৰী নাই।

শব্দাৰ্থ

قَدّر الله: قدر: بتشديد الدال وفتح القاف، أي قدَّر الله هذا الشيء وقضاه، ورويت بفتح الدال مخففة، والمعنى هذا الحاصل قَدَر الله وقضائه.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মানুহৰ ঈমানত তাৰতম্য আছে।

আমলৰ ক্ষেত্ৰত শক্তিশালী হোৱাটো পছন্দনীয়। কাৰণ শক্তি সামৰ্থৰ দ্বাৰা যি উপকাৰ লাভ হয়, দুৰ্বলতাৰ দ্বাৰা সেইটো নহয়।

মানুহে সদায় উপকাৰী বিষয়ত আগ্ৰহী হোৱা উচিত, পক্ষান্তৰে অপকাৰী তথা অপ্ৰয়োজনীয় বিষয়বোৰ পৰিত্যাগ কৰা উচিত।

মুমিনে প্ৰতিটো কামতে আল্লাহৰ সহায় প্ৰাৰ্থনা কৰিব লাগে, কেৱল নিজৰ ওপৰত ভৰসা কৰা উচিত নহয়।

হাদীছটোৰ দ্বাৰা তাক্বদীৰ সাব্যস্ত হৈছে, আৰু তাক্বদীৰ কেতিয়াও উপায় অৱলম্বন কৰা তথা কল্যাণৰ বাবে চেষ্টা কৰাৰ পৰিপন্থী নহয়।

বিপদ-আপদৰ সময়ত খঙতে হওক বা পৰিতাপ কৰিয়ে হওক "যদি" শব্দ ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে। লগতে তাক্বদীৰ আৰু আল্লাহৰ সিদ্ধান্তৰ ওপৰত অভিযোগ কৰিবলৈ হাৰাম কৰা হৈছে।

সম্পাদক

ছহীহ মুছলিম (4/ 2052) (2664).

অধিক (6)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 492).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 338).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 430).