Skip to content

বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

"বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"

«إِنَّ بَيْنَ الرَّجُلِ وَبَيْنَ الشِّرْكِ وَالْكُفْرِ تَرْكَ الصَّلَاةِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দৰে। নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন। ইছলামত ইয়াৰ গুৰুত্ব অধিক। যিয়ে ইয়াক অস্বীকাৰ কৰি পৰিত্যাগ কৰিব, মুছলিমসকলৰ ইজমা মতে সি হৈছে কাফিৰ। আনহাতে যিয়ে অৱহেলা কৰি পৰিত্যাগ কৰিব সি কুফৰী কৰিব। এই বিষয়ে চাহাবাসকলৰ পৰা ইজমা প্ৰমাণিত আছে। যদি ব্যক্তিয়ে কেতিয়াবা পঢ়ে আৰু কেতিয়াবা পৰিত্যাগ কৰে তেন্তে সি এই কঠোৰ সতৰ্কবাণীৰ অন্তৰ্ভুক্ত হ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নামাজৰ গুৰুত্ব অনুধাৱন কৰা আৰু ইয়াক সময় মতে আদায় কৰা অত্যন্ত জৰুৰী। কাৰণ এইটোৱে হৈছে ঈমান আৰু কুফৰৰ মাজত পাৰ্থক্যকাৰী।

নামাজ পৰিত্যাগ কৰাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।

সম্পাদক

ছহীহ মুছলিম (1/ 88) (82).

অধিক (2)

المفهم لما أشكل من تلخيص كتاب مسلم (1/ 271).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (2/ 622).