Skip to content

“যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব। আনহাতে যি ব্যক্তিয়ে কোনো ভ্রষ্টতাৰ ফালে আহ্বান কৰিব, সি সেই ব্যক্তিৰ সমানেই গুনাহৰ অধিকাৰী হ'ব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। কিন্তু সিহঁতৰ গুনাহৰ পৰিমাণ হ্ৰাস নহ'ব।”

«مَنْ دَعَا إِلَى هُدًى كَانَ لَهُ مِنَ الْأَجْرِ مِثْلُ أُجُورِ مَنْ تَبِعَهُ، لَا يَنْقُصُ ذَلِكَ مِنْ أُجُورِهِمْ شَيْئًا، وَمَنْ دَعَا إِلَى ضَلَالَةٍ كَانَ عَلَيْهِ مِنَ الْإِثْمِ مِثْلُ آثَامِ مَنْ تَبِعَهُ، لَا يَنْقُصُ ذَلِكَ مِنْ آثَامِهِمْ شَيْئًا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক সত্য তথা কল্যাণৰ পথ দেখুৱাব, তেওঁ সেই পথত পৰিচালিত লোকসকলৰ সমপৰিমাণ ছোৱাব লাভ কৰিব আৰু তেওঁলোকৰ ছোৱাবো হ্ৰাস নহ'ব। ইয়াৰ বিপৰীতে যিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা মানুহক কোনো বেয়া কৰ্ম, গুনাহ তথা হাৰাম পথ দেখুৱাব, সি সেই পথত পৰিচালিত হোৱা লোকসকলৰ সমপৰিমাণ গুনাহৰ অধিকাৰী হ'ব, লগতে অনুসাৰীসকলৰ গুনাহো কম কৰা নহ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সৎপথৰ প্ৰতি আহ্বান কৰাৰ গুৰুত্ব, কাম সৰু হওক বা ডাঙৰ। আহ্বানকাৰীয়ে আমলকাৰীসকলৰ সমপৰিমান ছোৱাব অতিৰিক্তভাৱে লাভ কৰিব। এইটো হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ এটা মহান অনুগ্ৰহ তথা দয়া।

পথভ্ৰষ্টতাৰ প্ৰতি আহ্বান কৰাৰ ভয়ংকৰ পৰিণতি, বিভ্ৰান্তিৰ পৰিমাণ কম হওক বা বেছি। আনকি আহ্বানকাৰীয়েও আমলকাৰীৰ সমানে গুনাহৰ অধিকাৰী হ'ব।

মানুহে আমল অনুসৰিয়ে প্ৰতিফল লাভ কৰে। গতিকে যিয়ে কল্যাণৰ পিনে কাৰোবাক আহ্বান কৰিব, সি তাৰ ওপৰত আমল কৰি যিমান ছোৱাব পাব, সেই পৰিমাণ ছোৱাব আহ্বানকাৰীয়েও পাব। এইদৰে যিয়ে কাৰোবাক বেয়া কামৰ প্ৰতি আহ্বান কৰিব, সি তাৰ ওপৰত আমল কৰি যিমান গুনাহ পাব, আহ্বানকাৰীয়েও সেই পৰিমাণ গুনাহৰ অধিকাৰী হ'ব।

প্ৰতিজন মুছলিম ব্যক্তিয়ে সদায় সাৱধান থকা উচিত যে, সি যেন প্ৰকাশ্যভাৱে এনেকুৱা কোনো গুনাহ নকৰে, যিটো দেখি আনেও কৰিব। কাৰণ তাক দেখি যিয়েই সেই গুনাহ কৰিব, তাৰ গুনাহৰ সমানেই সিও গুনাহৰ অধিকাৰী হ'ব, যদিও সি তাক সেই গুনাহ কৰিবলৈ উৎসাহিত কৰা নাই।

সম্পাদক

ছহীহ মুছলিম (4/ 2060) (2674).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 262).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص141).

شرح رياض الصالحين.

لابن عثيمين (2/ 360).

كنوز رياض الصالحين.

لمجموعة من الباحثين (3/ 554).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 199).