Skip to content

যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব। এইদৰে যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। বান্দাই যেতিয়ালৈকে নিজৰ ভাতৃক সহায় কৰি থাকে, আল্লাহে তেতিয়ালৈকে তাক সহায় কৰি থাকে। যি ব্যক্তিয়ে জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হয়, আৰু কোৰআন তিলাৱত কৰে, সকলোৱে মিলিত হৈ ইয়াৰ শিক্ষা লয় আৰু শিক্ষা দিয়ে, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হয়, ৰহমতে তেওঁলোকক ঢাকি লয়, ফিৰিস্তাসকলে তেওঁলোকক আগুৰি থাকে আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰে, যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তিয়ে তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।"

«مَنْ نَفَّسَ عَنْ مُؤْمِنٍ كُرْبَةً مِنْ كُرَبِ الدُّنْيَا نَفَّسَ اللهُ عَنْهُ كُرْبَةً مِنْ كُرَبِ يَوْمِ الْقِيَامَةِ، وَمَنْ يَسَّرَ عَلَى مُعْسِرٍ يَسَّرَ اللهُ عَلَيْهِ فِي الدُّنْيَا وَالْآخِرَةِ، وَمَنْ سَتَرَ مُسْلِمًا سَتَرَهُ اللهُ فِي الدُّنْيَا وَالْآخِرَةِ، وَاللهُ فِي عَوْنِ الْعَبْدِ مَا كَانَ الْعَبْدُ فِي عَوْنِ أَخِيهِ، وَمَنْ سَلَكَ طَرِيقًا يَلْتَمِسُ فِيهِ عِلْمًا سَهَّلَ اللهُ لَهُ بِهِ طَرِيقًا إِلَى الْجَنَّةِ، وَمَا اجْتَمَعَ قَوْمٌ فِي بَيْتٍ مِنْ بُيُوتِ اللهِ يَتْلُونَ كِتَابَ اللهِ وَيَتَدَارَسُونَهُ بَيْنَهُمْ إِلَّا نَزَلَتْ عَلَيْهِمِ السَّكِينَةُ، وَغَشِيَتْهُمُ الرَّحْمَةُ، وَحَفَّتْهُمُ الْمَلَائِكَةُ، وَذَكَرَهُمُ اللهُ فِيمَنْ عِنْدَهُ، وَمَنْ بَطَّأَ بِهِ عَمَلُهُ لَمْ يُسْرِعْ بِهِ نَسَبُهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, আল্লাহৰ ওচৰত মুছলিম ব্যক্তিক সেই শ্ৰেণীৰেই প্ৰতিদান দিয়া হ'ব, যি ধৰণৰ ব্যৱহাৰ তেওঁ অন্যান্য মুছলিমসকলৰ সৈতে কৰিছিল। এতেকে যিয়ে কোনো মুমিন ব্যক্তিৰ পৰা কোনো দুখ-কষ্ট তথা সংকট নিৰসন কৰিব, মহান আল্লাহে তাক কিয়ামত দিৱসৰ বিপদৰ পৰা ৰক্ষা কৰি প্ৰতিদান দিব। যিয়ে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক অৱকাশ দিয়ে তথা সহায়ৰ হাত আগবঢ়ায় আৰু তাক বিপদৰ পৰা উদ্ধাৰ কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ যাৱতীয় কৰ্ম সহজ কৰি দিব। এইদৰে যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰে, অৰ্থাৎ এনেকুৱা ভুল-ত্ৰুটি যিটো প্ৰকাশ পালে তেওঁ লজ্জিত হ'ব তথা অপমানিত হ'ব, তেনেকুৱা বিষয় গোপন কৰে তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব। মহান আল্লাহে সদায় সেই বান্দাক সহায়-সহযোগিতা কৰে, যেতিয়ালৈকে বান্দাই নিজৰ মুছলিম ভাতৃক দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰে। এই সহায় দুআৰ জৰিয়তেও হ’ব পাৰে, শাৰীৰিক আৰু আৰ্থিকভাৱেও হ’ব পাৰে। এইদৰে যিয়ে একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে দ্বীনি ইল্ম শিকিবলৈ খোজ দিয়ে, আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে। এইদৰে আল্লাহৰ কোনো ঘৰত যেতিয়া কিছুমান ব্যক্তি একত্ৰিত হৈ আল্লাহৰ কিতাব তিলাৱত কৰে আৰু পৰস্পৰে চৰ্চা কৰে। ফলত আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত শান্তি অৱতীৰ্ণ হয় আৰু আল্লাহৰ ৰহমতে তেওঁলোকক ঢাকি ৰাখে। ফিৰিস্তাসকলে তেওঁলোকক আগুৰি ধৰে। মহান আল্লাহে সেইসকল লোকৰ প্ৰশংসা কৰে তেওঁৰ নৈকট্যপ্ৰাপ্ত ফিৰিস্তাসকলৰ সন্মুখত। সৰ্বোচ্চ সেই বৈঠকত তেওঁলোকৰ বিষয়ে উল্লেখ হোৱাটোৱে হৈছে তেওঁলোকৰ মৰ্যাদাৰ বাবে যথেষ্ট। এইদৰে যাৰ আমলত ত্ৰুটি আছে, সি আনৰ মৰ্যাদাৰ দুহাই দি কেতিয়াও তেওঁলোকৰ সমপৰ্যায়ত উপনীত হ'ব নোৱাৰিব। গতিকে আমলত অৱহেলা কৰি নিজৰ বংশ আৰু পিতৃ পুৰুষৰ মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইবনু দাক্বীক্বুল ঈদে কৈছেঃ এইটো এটা মহান হাদীছ। ইয়াত বিভিন্ন জ্ঞান, নিয়ম-নীতি আৰু বৈশিষ্ট্য একত্ৰিত কৰা হৈছে। ইয়াত মুছলিমসকলৰ প্ৰয়োজন পূৰণৰ গুৰুত্ব আৰু সক্ষম অনুযায়ী তেওঁলোকক উপকাৰ কৰাৰ ফজীলত বৰ্ণিত হৈছে। সেয়া হওক, জ্ঞান, ধন-সম্পদ, সহায়-সহযোগিতা, অথবা কল্যাণৰ দিশ-নিৰ্দেশনা নাইবা কোনো সৎ পৰামৰ্শ অথবা অন্য কিবা।

কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক অৱকাশ দিবলৈ উৎসাহিত কৰা হৈছে।

মুছলিম ব্যক্তিক সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে। মহান আল্লাহে সহায়কাৰীক সেই অনুপাতেই সহায় কৰে, যিদৰে তেওঁ নিজৰ ভাতৃক সহায় কৰে।

মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰাৰ এটা অৰ্থ এইটোও যে, তেওঁলোকৰ গোপনীয়তা অনুসন্ধান নকৰা। কিছুমান ছালাফৰ পৰা বৰ্ণিত আছে যে, মই এনেকুৱা কিছুমান লোকক পাইছোঁ, যিসকলৰ কোনো দোষ-ত্ৰুটি নাছিল। কিন্তু যেতিয়া তেওঁলোকে মানুহৰ দোষ-ত্ৰুটি উল্লেখ কৰা আৰম্ভ কৰিলে, তেতিয়া মানুহেও তেওঁলোকৰ দোষ-ত্ৰুটি ৰাজহুৱা কৰিলে। পক্ষান্তৰে কিছুমান লোকক পাইছোঁ, যিসকলৰ দোষ-ত্ৰুটি আছিল, কিন্তু তেওঁলোকে কেতিয়াও মানুহৰ দোষ-ত্ৰুটি গাই ফুৰা নাছিল, ফলত তেওঁলোকৰ দোষ-ত্ৰুটিও ৰাজহুৱা হোৱা নাছিল।

মানুহৰ দোষ-ত্ৰুটি লুকুৱাই ৰখাৰ অৰ্থ এইটো নহয় যে, দোষ-ত্ৰুটি সংশোধন নকৰাকৈ এনেই এৰি দিব লাগে। বৰং ইয়াক সংশোধন কৰি লুকুৱাই ৰাখিব লাগে। এইটো সেইসকল লোকৰ বাবে, যিসকল লোক দুৰ্নীতি আৰু অত্যাচাৰত লিপ্ত নহয়। কিন্তু যিসকলে অন্যায়-অত্যাচাৰ তথা দুৰ্নীতিত লিপ্ত, সিহঁতৰ দোষ-ত্ৰুটি লুকুৱাই ৰখা উচিত নহয়, বৰং সিহঁতৰ বিষয়টো কৰ্তৃত্ব থকা লোকসকলৰ ওচৰলৈ লৈ যোৱা উচিত, যিসকল এই ক্ষেত্ৰত দায়িত্বশীল। কাৰণ সিহঁতৰ বিষয়টো লুকুৱাই ৰাখিলে সিহঁতৰ দুৰ্নীতি বৃদ্ধি পাব, আৰু মানুহৰ অধিক ক্ষতি কৰিব পাৰে, লগতে অন্যান্য দুষ্ট তথা স্বৈৰাচাৰীসকলেও উৎসাহ পাব।

জ্ঞান অৰ্জন কৰিবলৈ আৰু কোৰআন তিলাৱত আৰু ইয়াৰ চৰ্চা কৰিবলৈ উৎসাহিত কৰা হৈছে।

ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত মছজিদত বহি কোৰআন তিলাৱত কৰাৰ ফজীলত বৰ্ণিত হৈছে। এইদৰে মছজিদৰ বাহিৰেও এই ফজীলত লাভৰ বাবে মাদ্ৰাছা, দ্বীনি বৈঠক বা আন কোনো অনুৰূপ ঠাইত একেলগে পাঠ কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত।

মহান আল্লাহে আমল অনুসৰি প্ৰতিদান দিয়ে, বংশৰ ওপৰত ভিত্তি কৰি নহয়।

সম্পাদক

ছহীহ মুছলিম (4/ 2074) (2699).

অধিক (6)

التحفة الربانية.

لإسماعيل الأنصاري (ص82).

الأحاديث الأربعون النووية وعليها الشرح الموجز المفيد.

لعبد الله المحسن (ص69).

شرح الأربعين النووية.

لابن عثيمين (ص355).