Skip to content
ছুৰাসমূহৰ তালিকা /

التَّحرِيم

التَّحرِيم is chapter 66 of the Quran and has 12 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

12 আয়াতসমূহ ছুৰা নং 66
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

يَٰٓأَيُّهَا ٱلنَّبِيُّ لِمَ تُحَرِّمُ مَآ أَحَلَّ ٱللَّهُ لَكَۖ تَبۡتَغِي مَرۡضَاتَ أَزۡوَٰجِكَۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ

হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰি লৈছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

قَدۡ فَرَضَ ٱللَّهُ لَكُمۡ تَحِلَّةَ أَيۡمَٰنِكُمۡۚ وَٱللَّهُ مَوۡلَىٰكُمۡۖ وَهُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ

নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

وَإِذۡ أَسَرَّ ٱلنَّبِيُّ إِلَىٰ بَعۡضِ أَزۡوَٰجِهِۦ حَدِيثٗا فَلَمَّا نَبَّأَتۡ بِهِۦ وَأَظۡهَرَهُ ٱللَّهُ عَلَيۡهِ عَرَّفَ بَعۡضَهُۥ وَأَعۡرَضَ عَنۢ بَعۡضٖۖ فَلَمَّا نَبَّأَهَا بِهِۦ قَالَتۡ مَنۡ أَنۢبَأَكَ هَٰذَاۖ قَالَ نَبَّأَنِيَ ٱلۡعَلِيمُ ٱلۡخَبِيرُ

আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল, ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে’? নবীয়ে ক’লে, ‘মোক সেই সত্ত্বাই জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।

إِن تَتُوبَآ إِلَى ٱللَّهِ فَقَدۡ صَغَتۡ قُلُوبُكُمَاۖ وَإِن تَظَٰهَرَا عَلَيۡهِ فَإِنَّ ٱللَّهَ هُوَ مَوۡلَىٰهُ وَجِبۡرِيلُ وَصَٰلِحُ ٱلۡمُؤۡمِنِينَۖ وَٱلۡمَلَٰٓئِكَةُ بَعۡدَ ذَٰلِكَ ظَهِيرٌ

যদি তোমালোকে উভয়ে (অনুতপ্ত হৈ) আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ হ’ব), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছিল। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহেই হৈছে তেওঁৰ অভিভাৱক আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকল, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলেও তেওঁৰ সহায়কাৰী।

عَسَىٰ رَبُّهُۥٓ إِن طَلَّقَكُنَّ أَن يُبۡدِلَهُۥٓ أَزۡوَٰجًا خَيۡرٗا مِّنكُنَّ مُسۡلِمَٰتٖ مُّؤۡمِنَٰتٖ قَٰنِتَٰتٖ تَٰٓئِبَٰتٍ عَٰبِدَٰتٖ سَٰٓئِحَٰتٖ ثَيِّبَٰتٖ وَأَبۡكَارٗا

যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱতঃ তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।