Skip to content
ছুৰাসমূহৰ তালিকা /

الأحزَاب

الأحزَاب is chapter 33 of the Quran and has 73 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

73 আয়াতসমূহ ছুৰা নং 33
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

يَٰٓأَيُّهَا ٱلنَّبِيُّ ٱتَّقِ ٱللَّهَ وَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَٱلۡمُنَٰفِقِينَۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا

হে নবী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু কাফিৰ, মুনাফিকসকলৰ আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

وَٱتَّبِعۡ مَا يُوحَىٰٓ إِلَيۡكَ مِن رَّبِّكَۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا

আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী কৰা হয়, কেৱল তাৰেই অনুসৰণ কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

وَتَوَكَّلۡ عَلَى ٱللَّهِۚ وَكَفَىٰ بِٱللَّهِ وَكِيلٗا

আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

مَّا جَعَلَ ٱللَّهُ لِرَجُلٖ مِّن قَلۡبَيۡنِ فِي جَوۡفِهِۦۚ وَمَا جَعَلَ أَزۡوَٰجَكُمُ ٱلَّٰٓـِٔي تُظَٰهِرُونَ مِنۡهُنَّ أُمَّهَٰتِكُمۡۚ وَمَا جَعَلَ أَدۡعِيَآءَكُمۡ أَبۡنَآءَكُمۡۚ ذَٰلِكُمۡ قَوۡلُكُم بِأَفۡوَٰهِكُمۡۖ وَٱللَّهُ يَقُولُ ٱلۡحَقَّ وَهُوَ يَهۡدِي ٱلسَّبِيلَ

আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ হৈছে তোমালোকৰ মুখৰ কথাহে মাত্ৰ। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ দেখুৱায়।

ٱدۡعُوهُمۡ لِأٓبَآئِهِمۡ هُوَ أَقۡسَطُ عِندَ ٱللَّهِۚ فَإِن لَّمۡ تَعۡلَمُوٓاْ ءَابَآءَهُمۡ فَإِخۡوَٰنُكُمۡ فِي ٱلدِّينِ وَمَوَٰلِيكُمۡۚ وَلَيۡسَ عَلَيۡكُمۡ جُنَاحٞ فِيمَآ أَخۡطَأۡتُم بِهِۦ وَلَٰكِن مَّا تَعَمَّدَتۡ قُلُوبُكُمۡۚ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمًا

তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰসকলক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত হৈছে তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেইটো হৈছে অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।