Skip to content
ছুৰাসমূহৰ তালিকা /

الفُرقَان

الفُرقَان is chapter 25 of the Quran and has 77 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

77 আয়াতসমূহ ছুৰা নং 25
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا

অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।

ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে।

وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا

তথাপিও সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।

وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ إِفۡكٌ ٱفۡتَرَىٰهُ وَأَعَانَهُۥ عَلَيۡهِ قَوۡمٌ ءَاخَرُونَۖ فَقَدۡ جَآءُو ظُلۡمٗا وَزُورٗا

আৰু কাফিৰসকলে কয়, ‘এইখন মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ত সহায় কৰিছে’। এইদৰে কাফিৰসকলে অন্যায় কৰে আৰু মিছা কথা বিয়পায়।

وَقَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٱكۡتَتَبَهَا فَهِيَ تُمۡلَىٰ عَلَيۡهِ بُكۡرَةٗ وَأَصِيلٗا

সিহঁতে আৰু কয়, ‘এইবোৰ হৈছে প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।