أسيد بن الحُضير بن سماك بن عتيك الأنصاري
الإسم
উছাঈদ ইবনুল হুজাইৰ ইবনে ছিমাক ইবনে আতীক আল-আনচাৰী
اسم الشهرة
উছাইদ বিন হুজাইৰ -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
উছাঈদ ইবনুল হুজাইৰ ইবনে ছিমাক ইবনে আতীক ইবনে নাফে‘ ইবনে ইমৰাঊল কায়েছ ইবনে ঝায়েদ ইবনে আব্দিল আশ্বহাল, আবু ইয়াহইয়া, আৰু কোৱা হৈছে: আবূ আতীক, আল-আনচাৰী, আল-আওছী আল-আশ্বহালী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। আকাবাৰ ৰাতিত উপস্থিত হোৱা বাৰজন নকীবৰ ভিতৰত তেৱোঁ আছিল। তেওঁ প্ৰথম যুগতেই ইছলাম গ্ৰহণ কৰিছিল। তেওঁক সম্ভ্ৰান্ত শ্ৰেণীৰ মাজত বুদ্ধিজীৱী তথা সিদ্ধান্ত প্রদানকাৰী হিচাপে গণ্য কৰা হৈছিল। তেওঁ বহুত সুন্দৰ সুৰত কোৰআন তিলাৱত কৰিছিল। ২০ হিজৰীত তেওঁৰ মৃত্যু হয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ মৃত লাশৰ খাটিয়াৰ মধ্যৱৰ্তী ঠাইত কান্ধ ৰাখি বহন কৰিছিল বাকী কবৰস্থান পৰ্যন্ত। ইয়াৰ পিছত তেৱেঁই জানাযাৰ ইমামতি কৰিছিল।