Skip to content

আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ খুৰাক ক'লেঃ আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম। তেওঁ কৈছেঃ কুৰাইশ্বসকলে যদি এই কথা কৈ মোক নিন্দা নকৰিলেহেঁতেন যে, আবু তালিব ভয়তে এই কথা স্বীকাৰ কৰিছে, তেন্তে নিশ্চয় মই ইয়াক স্বীকাৰ কৰি তোমাৰ চকু জুৰ পেলালোহেঁতেন। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {إِنَّكَ لا تَهْدِي مَنْ أَحْبَبْتَ وَلَكِنَّ اللهَ يَهْدِي مَنْ يَشَاءُ } [القصص: 56] নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায়। (ছুৰা ক্বাচাচঃ ৫৬)

قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِعَمِّهِ: «قُلْ: لَا إِلَهَ إِلَّا اللهُ، أَشْهَدُ لَكَ بِهَا يَوْمَ الْقِيَامَةِ»، قَالَ: لَوْلَا أَنْ تُعَيِّرَنِي قُرَيْشٌ، يَقُولُونَ: إِنَّمَا حَمَلَهُ عَلَى ذَلِكَ الْجَزَعُ لَأَقْرَرْتُ بِهَا عَيْنَكَ. فَأَنْزَلَ اللهُ: {إِنَّكَ لا تَهْدِي مَنْ أَحْبَبْتَ وَلَكِنَّ اللهَ يَهْدِي مَنْ يَشَاءُ } [القصص: 56].

(মুছলিম)
ছহীহ
ব্যাখ্যা

আবু তালিব মৃত্যুশয্যাত থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ কৰিবলৈ ক'লে, যাতে ক্বিয়ামতৰ দিনা তেখেতে তেওঁৰ সপক্ষে ছুপাৰিছ কৰিব পাৰে, আৰু তেওঁ ইছলাম গ্ৰহণ কৰা বুলি সাক্ষ্য দিব পাৰে। কিন্তু কুৰাইশ্বে তেওঁক গালি পাৰিব বা নিন্দা কৰিব বুলি ভয়তে তেওঁ ইয়াক স্বীকাৰ নকৰিলে। সিহঁতে তেওঁৰ বিষয়ে ক'ব যে, মৃত্যুৰ ভয়ত দুৰ্বল হৈ ইছলাম গ্ৰহণ কৰিছে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, যদি এই আশংকা নাথাকিলহেঁতেন তেন্তে নিশ্চয় মই ইয়াৰ স্বীকাৰোক্তি প্ৰদান কৰি তোমাৰ অন্তৰক আনন্দিত কৰিলোঁহেঁতেন আৰু তোমাৰ আশা পূৰণ কৰিলোঁহেঁতেন। ইয়াৰ পিছত আল্লাহে আয়াত অৱতীৰ্ণ কৰি সকলোকে অৱগত কৰালে যে, হিদায়তৰ তাওফীক আপোনাৰ হাতত নাই। বৰং এইটো একমাত্ৰ আল্লাহৰ হাততহে আছে, তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল পথ দেখুৱায় তথা বিতংভাৱে বৰ্ণনা কৰি চিৰাতে মুস্তাক্বীমৰ প্ৰতি আহ্বান কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মানুহৰ কথাক ভয় কৰি সত্যক অৱজ্ঞা কৰা ঠিক নহয়।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দায়িত্ব হৈছে কেৱল পথ দেখুৱা, সত্যপথ স্পষ্ট কৰা। হিদায়তৰ তাওফীক দিয়াৰ ক্ষমতা তেওঁৰ হাতত নাই।

ইছলামৰ প্ৰতি আহ্বান কৰাৰ উদ্দেশ্যে অসুস্থ বেমাৰী কাফিৰক সাক্ষাৎ কৰিবলৈ যোৱা বৈধ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সদায় আগ্ৰহী আছিল।

সম্পাদক

ছহীহ মুছলিম (1/ 55) (25).

অধিক (2)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (1/ 539).

النهاية في غريب الحديث والأثر (ص 742).