নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা মক্কা বিজয়ৰ বছৰত এই বুলি কোৱা শুনিছে যে,
"নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।" তেখেতক সোধা হ'ল, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ তেল সম্পৰ্কে আপোনাৰ মতামত কি? যিটো চৰ্বি মানুহে নাৱত মালিচ কৰে, চামৰাত লগায় আৰু বন্তি জ্বলায়? তেখেতে ক'লেঃ "নহয়, সেইটোও হাৰাম।" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক, আল্লাহে যেতিয়া সিহঁতৰ ওপৰত মৃত জন্তুৰ চৰ্বি হাৰাম কৰিছিল তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু ইয়াৰ মূল্য ভক্ষণ কৰিছিল।"
«إِنَّ اللَّهَ وَرَسُولَهُ حَرَّمَ بَيْعَ الخَمْرِ، وَالمَيْتَةِ وَالخِنْزِيرِ وَالأَصْنَامِ»، فَقِيلَ: يَا رَسُولَ اللَّهِ، أَرَأَيْتَ شُحُومَ المَيْتَةِ، فَإِنَّهَا يُطْلَى بِهَا السُّفُنُ، وَيُدْهَنُ بِهَا الجُلُودُ، وَيَسْتَصْبِحُ بِهَا النَّاسُ؟ فَقَالَ: «لاَ، هُوَ حَرَامٌ»، ثُمَّ قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَ ذَلِكَ: «قَاتَلَ اللَّهُ اليَهُودَ إِنَّ اللَّهَ لَمَّا حَرَّمَ شُحُومَهَا جَمَلُوهُ، ثُمَّ بَاعُوهُ، فَأَكَلُوا ثَمَنَهُ».
মক্কা বিজয়ৰ বছৰত মক্কাত থকা অৱস্থাত জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছিল যে, নিশ্চয় আল্লাহে মাদক দ্ৰৱ্যৰ ক্ৰয়-বিক্ৰয়, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদিক হাৰাম কৰিছে। কোনোবাই তেখেতক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছুল! মৃত জন্তুৰ চৰ্বি বিক্ৰী কৰা যাবনে? কাৰণ এইটো নাৱত প্ৰলেপ লগাবলৈ আৰু চামৰা আদিত ঘঁহিবলৈ আৰু মানুহে বন্তি জলাবলৈ ব্যৱহাৰ কৰে। তেতিয়া তেখেতে ক'লেঃ নহয়, ইয়াৰ ক্ৰয়-বিক্ৰয়ো হাৰাম। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহে ইয়াহুদীসকলক ধ্বংস কৰক আৰু সিহঁতৰ ওপৰত অভিসম্পাত কৰক, যেতিয়া সিহঁতৰ ওপৰত আল্লাহে জীৱ-জন্তুৰ চৰ্বি হাৰাম কৰিছিল, তেতিয়া সিহঁতে সেইটোক দ্ৰৱীভূত কৰি বিক্ৰী কৰিছিল আৰু সেই মূল্য ভক্ষণ কৰিছিল।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ মৃত জন্তু, মাদক দ্ৰৱ্য, গাহৰি আদিৰ ক্ৰয়-বিক্ৰয় হাৰাম হোৱাৰ ক্ষেত্ৰত সকলো মুছলিমেই একমত।
কাজী ৰাহিমাহুল্লাহে কৈছেঃ এই কথাও এই হাদীছটোৰ অন্তৰ্ভুক্ত যে, যিটো বস্তু খোৱা হাৰাম, তেনেকুৱা বস্তুৰ দ্বাৰা উপকৃত হোৱা আৰু সেইটোৰ কিনা বেচা কৰাও হাৰাম। ইয়াৰ মূল্য ভক্ষণ কৰা বৈধ নহয়। যিদৰে চৰ্বিৰ কথা হাদীছটোত উল্লেখ হৈছে।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ প্ৰসংগই গুৰুত্ব সহকাৰে এই কথা স্পষ্ট কৰে যে, হাদীছটোত চৰ্বি সম্পৰ্কে যিটো কথা কোৱা হৈছে যে, "সেইটো হাৰাম" ইয়াৰ দ্বাৰা ক্ৰয়-বিক্ৰয়ক হাৰাম বুজোৱা হৈছে, ব্যৱহাৰ কৰাক নহয়।
হাৰাম বস্তুক হালাল কৰিবলৈ প্ৰয়াস কৰাৰ প্ৰতিটো কৌশল অবৈধ।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছে যে, উলামাসকলে কৈছেঃ মৃত বস্তুৰ ক্ৰয়-বিক্ৰয় হাৰাম হোৱাৰ ব্যাপকতাই প্ৰমাণ কৰে যে, যুদ্ধ ক্ষেত্ৰত নিহত হোৱা কাফিৰৰ শৱ বিক্ৰী কৰাও হাৰাম, যদি কাফিৰসকলে সেইটো ক্ৰয় কৰিব বিচাৰে, অথবা ইয়াৰ বিনিময়ত যদি কিবা দিব বিচাৰে। হাদীছত আহিছে যে, খন্দকৰ যুদ্ধত মুছলিমসকলে নওফল বিন আব্দুল্লাহ আল-মাখঝুমীক হত্যা কৰিছিল, ফলত কাফিৰসকলে তেওঁৰ মৃত দেহ লোৱাৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দহ হেজাৰ দিৰহাম প্ৰদান কৰিব বুলি প্ৰস্তাৱ দিলে, কিন্তু তেখেতে সেই টকা গ্ৰহণ কৰা নাছিল আৰু সিহঁতক বিনামূল্যে মৃতদেহ অৰ্পন কৰিছিল।
ছহীহ বুখাৰী (3/ 84) (2236).
ছহীহ মুছলিম (3/ 1207) (1581).
অধিক (9)
التحفة الربانية في شرح الأربعين حديثًا النووية.
(ص97).
فتاوى اللجنة الدائمة - المجموعة الأولى- اللجنة الدائمة للبحوث العلمية والإفتاء (22/ 506).
الشرح الممتع على زاد المستقنع.
لابن عثيمين (1/ 71).
كشف اللثام شرح عمدة الأحكام.
لمحمد السفاريني الحنبلي (4/ 557).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص479).