Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ لَا يَرُدُّ الطِّيبَ.

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নীতি আছিল যে, তেখেতে কেতিয়াও সুগন্ধিক প্ৰত্যাখ্যান কৰা নাছিল, বৰং গ্ৰহণ কৰিছিল, কাৰণ এইটো বহন কৰা সহজ আৰু সুগন্ধিময়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আতৰ বা সুগন্ধিৰ উপহাৰ গ্ৰহণ কৰা মুস্তাহাব। কিয়নো এইটো বহন কৰাত কোনো কষ্টও নাই আৰু এইটো কবুল কৰিলে কোনো খটা দিয়াৰো অৱকাশ নাই।

এইটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ প্ৰমাণ বহন কৰে যে, তেখেতক কোনোবাই উপহাৰ দিলে তেখেতে সেয়া গ্ৰহণ কৰিছিল, আনকি তেখেতে কেতিয়াও সুগন্ধিৰ উপহাৰ প্ৰত্যাখ্যান কৰা নাছিল।

হাদীছটোৰ দ্বাৰা সুগন্ধি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (3/ 157) (2582).

অধিক (6)

شرح رياض الصالحين.

لابن عثيمين (6/ 560).

منار القاري شرح مختصر صحيح البخاري.

لحمزة قاسم (4/ 9).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخن وغيره (2/ 1213).