Skip to content

তুমি গৈ তাক কোৱাগৈ যে, তুমি জাহান্নামী নহয়, বৰং তুমি হৈছা জান্নাতী।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাবিত ইবনু কায়েছক তেখেতৰ বৈঠকত অনুপস্থিত পালে। তেতিয়া এজন চাহাবীয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই তেওঁৰ বিষয়ে জানকাৰী আনি দিব পাৰিম। ইয়াৰ পিছত সেই চাহাবীজন তেওঁৰ ঘৰলৈ আহি দেখিলে যে, ছাবিত মূৰ নত কৰি বহি আছে। তেওঁ সুধিলেঃ হে ছাবিত! কি হৈছে তোমাৰ? ছাবিতে ক'লেঃ অত্যন্ত বেয়া। দৰাচলতে ছাবিতৰ আৱাজ উচ্চ আছিল, তেওঁ কথা ক'লে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ তেওঁৰ আৱাজ বেছি ওখ হৈছিল। সেইকাৰণে তেওঁ ভাবিছিল যে, তেওঁৰ সকলো আমল বিনষ্ট হৈ গৈছে, আৰু তেওঁ জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হৈছে। তেওঁৰ এই কথা শুনি চাহাবীজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি জনালে যে, তেওঁ এই এই কথা কৈছে। ইয়াৰ পিছত সেই চাহাবীজনক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা মহা সুসংবাদ দি প্ৰেৰণ কৰি ক'লে যে, "তুমি গৈ তাক কোৱাগৈ যে, তুমি জাহান্নামী নহয়, বৰং তুমি হৈছা জান্নাতী।"

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ افْتَقَدَ ثَابِتَ بْنَ قَيْسٍ، فَقَالَ رَجُلٌ: يَا رَسُولَ اللهِ، أَنَا أَعْلَمُ لَكَ عِلْمَهُ، فَأَتَاهُ فَوَجَدَهُ جَالِسًا فِي بَيْتِهِ، مُنَكِّسًا رَأْسَهُ، فَقَالَ: مَا شَأْنُكَ؟ فَقَالَ شَرٌّ، كَانَ يَرْفَعُ صَوْتَهُ فَوْقَ صَوْتِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَدْ حَبِطَ عَمَلُهُ، وَهُوَ مِنْ أَهْلِ النَّارِ، فَأَتَى الرَّجُلُ فَأَخْبَرَهُ أَنَّهُ قَالَ كَذَا وَكَذَا، فَرَجَعَ الْمَرَّةَ الْآخِرَةَ بِبِشَارَةٍ عَظِيمَةٍ، فَقَالَ: «اذْهَبْ إِلَيْهِ فَقُلْ لَهُ: إِنَّكَ لَسْتَ مِنْ أَهْلِ النَّارِ، وَلَكِنْ مِنْ أَهْلِ الْجَنَّةِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বৈঠকত ছাবিত ইবনে কায়েছক অনুপস্থিত পালে, সেয়ে তেখেতে তেওঁৰ বিষয়ে উপস্থিত লোকসকলক সুধিলে। এজনে ক'লে যে, মই তেওঁৰ বিষয়ে খবৰ আনি দিব পাৰিম, তেওঁ কিয় অনুপস্থিত। ফলত সেই ব্যক্তিজন তেওঁৰ ঘৰলৈ গ'ল আৰু দেখা পালে যে, তেওঁ চিন্তামনে মূৰ নত কৰি বহি আছে। সেই ব্যক্তিজনে তেওঁক সুধিলেঃ তোমাৰ কি হৈছে? ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰত তেওঁৰ অসুবিধাৰ কথাখিনি বিৱৰি ক'লে যে, তেওঁৰ আৱাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ উচ্চ, আনহাতে আল্লাহে নবীৰ আৱাজৰ ওপৰত কাৰো আৱাজ উঠিলে আমল বাতিল হোৱাৰ প্ৰতিশ্ৰুতি দিছে, এই হিচাপত তেওঁ জাহান্নামী হ'ব। এই কথা শুনি ব্যক্তিজন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিল আৰু তেখেতক সকলো কথা বিৱৰি ক'লে। ইয়াৰ পিছত তেখেতে সেই ব্যক্তিজনক আকৌ ছাবিতৰ ওচৰলৈ এটা মহাসুসংবাদ দি প্ৰেৰণ কৰিলে যে, তেওঁ জাহান্নামী নহয়, বৰং তেওঁ হৈছে জান্নাতী। তেওঁৰ আৱাজ জন্মগতভাৱেই উচ্চ আছিল, তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খতীব আৰু আনচাৰসকলৰ খতীব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত ছাবিত বিন কায়েছ ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত বৰ্ণিত হৈছে যে, তেওঁ হৈছে জান্নাতী।

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ প্ৰতি খুবেই মনোযোগী আছিল, তেখেতে চাহাবাসকলৰ অনুপস্থিতিকো লক্ষ্য কৰিছিল।

আমল ব্যৰ্থ হোৱাৰ বিষয়ত চাহাবাসকল খুবেই শংকিত আছিল।

জীৱিত অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাৰ সময়ত কিছুমান নিয়ম-নীতি পালন কৰা অনিবাৰ্য আছিল, ঠিক সেইদৰে তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ হাদীছ শুনাৰ সময়তো স্বৰ নিম্ন ৰখাটো অনিবাৰ্য।

সম্পাদক

ছহীহ বুখাৰী (4/ 201) (3613).

ছহীহ মুছলিম (1/ 110) (119).

অধিক (3)

فتح الباري لابن حجر (6/ 620).

عمدة القاري شرح صحيح البخاري (16/ 146).

النهاية في غريب الحديث والأثر (ص 183).