মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ বিষয়ে কিবা শুনা পাই ভাষণ প্ৰদান কৰি ক'লে:
"মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
«عُرِضَتْ عَلَيَّ الْجَنَّةُ وَالنَّارُ فَلَمْ أَرَ كَالْيَوْمِ فِي الْخَيْرِ وَالشَّرِّ، وَلَوْ تَعْلَمُونَ مَا أَعْلَمُ لَضَحِكْتُمْ قَلِيلًا وَلَبَكَيْتُمْ كَثِيرًا» قَالَ: فَمَا أَتَى عَلَى أَصْحَابِ رَسُولِ اللهِ صلى الله عليه وسلم يَوْمٌ أَشَدُّ مِنْهُ، قَالَ: غَطَّوْا رُءُوسَهُمْ وَلَهُمْ خَنِينٌ، قَالَ: فَقَامَ عُمَرُ فَقَالَ: رَضِينَا بِاللهِ رَبًّا، وَبِالْإِسْلَامِ دِينًا، وَبِمُحَمَّدٍ نَبِيًّا، قَالَ: فَقَامَ ذَاكَ الرَّجُلُ فَقَالَ: مَنْ أَبِي؟ قَالَ: «أَبُوكَ فُلَانٌ»، فَنَزَلَتْ: {يَا أَيُّهَا الَّذِينَ آمَنُوا لا تَسْأَلُوا عَنْ أَشْيَاءَ إِنْ تُبْدَ لَكُمْ تَسُؤْكُمْ} [المائدة: 101].
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া অনুভৱ কৰিলে যে, চাহাবাসকলে অধিক প্ৰশ্ন সুধি থাকে, তেতিয়া তেখেতে ক্ৰোধান্বিত হৈ ভাষণ প্ৰদান কৰিলে আৰু ক'লেঃ মোৰ সন্মুখত জান্নাত আৰু জাহান্নাম উপস্থাপন কৰা হৈছিল, মই আজি জান্নাতত যি পৰিমাণ কল্যাণ দেখা পাইছোঁ, তেনেকুৱা নিয়ামত কেতিয়াও দেখা নাছিলোঁ। এইদৰে জাহান্নামত যি পৰিমাণ অকল্যাণ দেখা পাইছোঁ, তেনেকুৱা অকল্যাণ মই কেতিয়াও দেখা নাছিলোঁ। মই যি দেখিছোঁ, সেয়া যদি তোমালোকে দেখিলাহেঁতেন, লগতে মই আজি যি যি দেখিলোঁ সেই সম্পৰ্কে মই যি জানো, সেয়া যদি তোমালোকে জানিলাহেঁতেন তেন্তে তোমালোকে অত্যন্ত নম্ৰ হ'লাহেঁতেন, লগতে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছি বেছি কান্দিলাহেঁতেন। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, চাহাবাসকলৰ ওপৰত সেই দিনটোতকৈ অধিক কঠিন দিন কেতিয়াও অহা নাছিল। তেওঁলোকে ভাষণটো শুনি মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দিছিল। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ কৈছিল যে, আমি সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে পাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি। সেই বৈঠকতে এজনে প্ৰশ্ন কৰিছিল যে, মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত কৈছিল যে, "অমুক ব্যক্তি হৈছে তোমাৰ পিতা।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হৈছিলঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব।" (ছুৰা মায়িদাহঃ ১০১)
আল্লাহৰ শাস্তিক ভয় কৰি কন্দা কটা কৰাটো মুস্তাহাব। বেছি হাঁহি তামাছা কৰা উচিত নহয়। কিয়নো এইটো হৈছে অমনোযোগিতা আৰু কঠিন অন্তৰৰ লক্ষণ।
চাহাবাসকলে ওৱাজ নছিহত শুনিলে প্ৰভাৱিত হৈছিল। লগতে সৰ্বশক্তিমান আল্লাহৰ শাস্তিক অত্যন্ত ভয় কৰিছিল।
কান্দা কটা কৰাৰ সময়ত মূৰ ঢাকি লোৱা মুস্তাহাব।
খাত্তাবীয়ে কৈছেঃ এই হাদীছটো সেইসকল লোকৰ বিষয়ে, যিসকলে অপ্ৰয়োজনীয় বিৰক্তিকৰ প্ৰশ্ন এনেয়ে সুধি থাকে, যিবোৰৰ কোনো দৰকাৰ নাই। আনহাতে প্ৰয়োজনীয় তথা কোনো সমস্যাৰ সন্মুখীন হোৱা বিষয় এটা সম্পৰ্কে প্ৰশ্ন কৰাত কোনো বাধা নাই। এনেকুৱা বিষয়ে প্ৰশ্ন কৰাত কোনো গুনাহ নাই।
আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকিবলৈ আৰু গুনাহৰ পৰা আঁতৰত থাকিবলৈ, এইদৰে আল্লাহৰ সীমা অতিক্ৰম নকৰিবলৈ উৎসাহিত কৰা হৈছে।
ওৱাজ নছিহত আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত ক্ৰোধান্বিত হোৱাটো বৈধ।
ছহীহ বুখাৰী (6/ 54) (4621).
ছহীহ মুছলিম (4/ 1832) (2359).
অধিক (6)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 367).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 474).
النهاية في غريب الحديث والأثر.
لابن الأثير(1/ 45).