আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে।
য়াহয়া বিন উমাৰাহ আল-মাঝিনীয়ে কৈছেঃ
মই আমৰ ইবনু আবি হাছানৰ ওচৰত আছিলোঁ, তেওঁ আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ এটা পাত্ৰত পানী আনিবলৈ দিলে, আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে। তেওঁ সেই পাত্ৰৰ পৰা পানী ঢালি লৈ দুয়ো হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত পাত্ৰৰ ভিতৰত হাত সোমোৱাই দি তিনিবাৰ তিনি চলু পানী লৈ কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। ইয়াৰ পিছত তিনিবাৰ পাত্ৰত হাত সোমোৱাই দি পানী লৈ মুখমণ্ডল ধুলে। ইয়াৰ পিছত পানী লৈ দুবাৰকৈ হাতৰ কিলাকুটিলৈকে ধুলে। ইয়াৰ পিছত পানী লৈ মূৰ মছেহ কৰিলে, দুয়ো হাতেৰে সন্মুখৰ পৰা পিছফাললৈকে আৰু পিছফালৰ পৰা সন্মুখলৈকে এবাৰ মছেহ কৰিলে। ইয়াৰ পিছত দুয়ো ভৰি সৰু গাঁঠিলৈকে ধুলে।
شَهِدْتُ عَمْرَو بْنَ أَبِي حَسَنٍ سَأَلَ عَبْدَ اللَّهِ بْنَ زَيْدٍ، عَنْ وُضُوءِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَدَعَا بِتَوْرٍ مِنْ مَاءٍ، فَتَوَضَّأَ لَهُمْ وُضُوءَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَأَكْفَأَ عَلَى يَدِهِ مِنَ التَّوْرِ، فَغَسَلَ يَدَيْهِ ثَلاَثًا، ثُمَّ أَدْخَلَ يَدَهُ فِي التَّوْرِ، فَمَضْمَضَ وَاسْتَنْشَقَ وَاسْتَنْثَرَ، ثَلاَثَ غَرَفَاتٍ، ثُمَّ أَدْخَلَ يَدَهُ فَغَسَلَ وَجْهَهُ ثَلاَثًا، ثُمَّ غَسَلَ يَدَيْهِ مَرَّتَيْنِ إِلَى المِرْفَقَيْنِ، ثُمَّ أَدْخَلَ يَدَهُ فَمَسَحَ رَأْسَهُ، فَأَقْبَلَ بِهِمَا وَأَدْبَرَ مَرَّةً وَاحِدَةً، ثُمَّ غَسَلَ رِجْلَيْهِ إِلَى الكَعْبَيْنِ.
হাদীছটোত আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু কৰাৰ পদ্ধতি হুবহু কৰি দেখুৱাইছে। তেওঁ সৰু পাত্ৰ এটাত পানী বিচাৰিলে। সেই পানীৰে তেওঁ প্ৰথমে দুয়ো হাতৰ সৰুগাঁঠিলৈকে ধুই ল'লে। অৰ্থাৎ পাত্ৰটো অকণমান হেলনীয়া কৰি লৈ পানী ঢালি ল'লে আৰু সেই পানীৰে তিনিবাৰ হাত ধুই ল'লে। ইয়াৰ পিছত তেওঁ পাত্ৰৰ মাজত হাত সোমোৱাই দি তিনি চলু পানী লৈছিল, প্ৰত্যেক চলু পানীৰে কুলি কৰিছিল আৰু নাক চাফ কৰিবলৈ নাকতো দিছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ তিনিবাৰ মুখমণ্ডল ধুইছিল। ইয়াৰ পিছত তেওঁ সেই পাত্ৰৰ পৰা পানী লৈ দুবাৰ দুবাৰকৈ দুয়ো হাত কিলাকুটিলৈকে ধুইছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ মূৰ মছেহ কৰিছিল। মছেহ কৰোঁতে মূৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি মূৰৰ পিছফালে চুলি গজা ঠাইলৈকে আৰু তাৰ পৰা আকৌ সন্মুখলৈকে, য'ৰ পৰা মছেহ আৰম্ভ হৈছিল। ইয়াৰ পিছত তেওঁ দুয়ো ভৰি সৰুগাঁঠিলৈকে ধুইছিল।
التور: الإناء الصغير.
শিক্ষকৰ ব্যৱহাৰেই হৈছে ইল্ম বুজি পোৱা আৰু এই ক্ষেত্ৰত দৃঢ়তা লাভ কৰাৰ অন্যতম সহজ উপায়। যেনে- কোনো কাম নিজে কৰি দেখুৱাই শিক্ষা দিয়া।
অজুৰ কোনো অংগ তিনিবাৰ ধোৱা আৰু দুবাৰকৈ ধোৱাও বৈধ। কিন্তু নূন্যতম এবাৰ ধোৱাটো অনিবাৰ্য তথা ওৱাজিব।
অজুৰ অংগবোৰ ধোৱাৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখা অনিবাৰ্য। যিদৰে হাদীছত বৰ্ণিত হৈছে।
মুখমণ্ডলৰ সীমা হৈছে, দৈৰ্ঘ্যত সাধাৰণতে মূৰৰ চুলি গজা ঠাইৰ পৰা আৰম্ভ কৰি দাড়িৰ তললৈকে তথা থুথৰিলৈকে, আৰু প্ৰশস্তত সোঁ কাণৰ পৰা বাওঁ কাণলৈকে।
ছহীহ বুখাৰী (1/ 48) (186).
ছহীহ মুছলিম (1/ 210) (235).
অধিক (9)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 18).
الإفهام في شرح عمدة الأحكام.
لابن باز (ص72).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص29).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 27).
شرح العمدة للسعدي (ص 50).