মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।
ছুলাইমান বিন চুৰাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
كُنْتُ جَالِسًا مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَرَجُلاَنِ يَسْتَبَّانِ، فَأَحَدُهُمَا احْمَرَّ وَجْهُهُ، وَانْتَفَخَتْ أَوْدَاجُهُ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنِّي لَأَعْلَمُ كَلِمَةً لَوْ قَالَهَا ذَهَبَ عَنْهُ مَا يَجِدُ، لَوْ قَالَ: أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ، ذَهَبَ عَنْهُ مَا يَجِدُ» فَقَالُوا لَهُ: إِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «تَعَوَّذْ بِاللَّهِ مِنَ الشَّيْطَانِ»، فَقَالَ: وَهَلْ بِي جُنُونٌ؟
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ ক্ৰোধত মুখখন ৰঙা পৰি গৈছিল। লগতে ডিঙিৰ সিৰাবোৰ ফুলি উঠিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই এনেকুৱা এটা বাক্য জানো, সেই বাক্যটো যদি এই খঙাল ব্যক্তিজনে পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। সেইটো হৈছেঃ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। তেতিয়া লোকসকলে তাক ক'লে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমাক বিতাৰিত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছে। (অৰ্থাৎ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। পাঠ কৰাৰ উপদেশ দিছে।) তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি? সি ধাৰণা কৰিছিল যে, কেৱল বলিয়া বা উন্মাদ ব্যক্তিয়েহে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰে।
প্ৰয়োজনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিশ নিৰ্দেশনা দিয়াত অত্যন্ত আগ্ৰহী আছিল।
খং উঠে চয়তানৰ প্ৰৰোচনাত।
ক্ৰোধ অৱস্থাত বিতাৰিত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ নিৰ্দেশ দিয়া হৈছে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।" (ছুৰা আল-আৰাফঃ ২০০)
গালি শপনি তথা অভিশাপ আদিৰ পৰা সতৰ্ক কৰা হৈছে আৰু আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰণ এইবোৰে মানুহৰ মাজত বিবাদ সৃষ্টি কৰে।
উপদেশ নুশুনা ব্যক্তিক উপদেশ পৌঁচাই দিব লাগে, যাতে তেওঁ উপকৃত হ'ব পাৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ৰোধৰ পৰা সতৰ্ক কৰিছে। কাৰণ ইয়াৰ দ্বাৰা অনিষ্ট সাধন হয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল আল্লাহৰ মৰ্যাদা উলংঘাৰ ক্ষেত্ৰতহে ক্ৰোধান্বিত হৈছিল, ইয়াৰ বাহিৰে কোনো ক্ষেত্ৰতে খং কৰা নাছিল। এনেকুৱা ক্ষেত্ৰত ক্ৰোধ কৰাটো হৈছে প্ৰশংসনীয়।
"মই উন্মাদ নেকি?" ইমাম নাৱাৱীয়ে এই কথা প্ৰসংগত কৈছে যে, হয়তো সেই ব্যক্তিজন মুনাফিক আছিল নাইবা কোনো বেদুইন আছিল।
ছহীহ বুখাৰী (4/ 124) (3282).
ছহীহ মুছলিম (4/ 2015) (2610).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 110).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص50).
شرح رياض الصالحين.
لابن عثيمين (1/ 270).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 78).