ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুলশালিয়েক আমৰ ইবনুল হাৰিছ অৰ্থাৎ উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ভাতৃৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
مَا تَرَكَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَ مَوْتِهِ دِرْهَمًا وَلاَ دِينَارًا وَلاَ عَبْدًا وَلاَ أَمَةً وَلاَ شَيْئًا، إِلَّا بَغْلَتَهُ البَيْضَاءَ، وَسِلاَحَهُ، وَأَرْضًا جَعَلَهَا صَدَقَةً.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া তেখেতৰ ওচৰত কোনো দীনাৰ (স্বৰ্ণমুদ্ৰা) বা দিৰহাম (ৰৌপ্যমুদ্ৰা) নাছিল। এইদৰে কোনো দাস-দাসীও নাছিল আৰু কোনো ঘৰচীয়া পশুধন যেনে- ছাগলী, উট আদিও নাছিল। কেৱল আছিল মাত্ৰ তেখেতে বাহন হিচাপে ব্যৱহাৰ কৰা তেখেতৰ এটি গাধ, আৰু তেখেতৰ সেই অস্ত্ৰ যিটো তেখেতে ধাৰণ কৰিছিল। লগতে এৰি থৈ গৈছিল এটুকুৰা ভূমি, যিটো তেখেতে জীৱিত অৱস্থাতে পথযাত্ৰীসকলৰ বাবে ব্যয় কৰাৰ উদ্দেশ্যে ওৱাকফ কৰি থৈছিল।
নবীসকলৰ উত্তৰাধিকাৰী নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কি কি এৰি থৈ মৃত্যুবৰণ কৰিছে, হাদীছটোত তাৰ বৰ্ণনা দিয়া হৈছে।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত কোনো গুৰুত্বপূৰ্ণ সম্পদ এৰি যোৱা নাছিল। কাৰণ তেখেত অত্যন্ত দানশীল আছিল আৰু অত্যন্ত দয়ালু আছিল।
কিৰমানীয়ে কৈছেঃ (وجعلها)ৰ ভিতৰত যিটো সৰ্বনাম আছে, সেইটোৰ দ্বাৰা কেৱল তেখেতৰ সেই দান কৰা ভূমিক বুজোৱা হোৱা নাই, বৰং ইয়াৰ ভিতৰত তেখেতৰ বাহন গাধ, অস্ত্ৰ আৰু ভূমি তিনিওটা অন্তৰ্ভুক্ত।
الختن: আৰবী ভাষাত খাতান কোৱা হয়, স্ত্ৰীৰ ভাই ভনীসকলক।
ছহীহ বুখাৰী (4/ 2) (2739).
অধিক (3)
النهاية في غريب الحديث والأثر (254).
فتح الباري لابن حجر (5/ 360).
عمدة القاري شرح صحيح البخاري (14/ 31).