عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (233)
"জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে। সুগন্ধি বিক্ৰেতাই হয়তো আপোনাক আতৰ উপহাৰ হিচাপে দিব, নহ'লে আপুনি তাৰ পৰা কিনি ল'ব, নাইবা আপুনি তাৰ ওচৰত থাকিলে ভাল সুগন্ধি পাই থাকিব। আনহাতে ভাটিত ফুঁ দিয়া কমাৰৰ ওচৰত বহিলে হয়তো ফিৰিঙতিয়ে আপোনাৰ কাপোৰ পুৰি দিব নাইবা আপুনি বেয়া গোন্ধ পাই থাকিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন কৰে আৰু নমায়। দিনৰ আমলৰ আগতে তেওঁৰ ওচৰত ৰাতিৰ আমল উপস্থাপন কৰা হয়, এইদৰে ৰাতিৰ আমলৰ আগতে দিনৰ আমল তেওঁৰ ওচৰত উপস্থাপন কৰা হয়। তেওঁৰ পৰ্দা হৈছে নূৰ, বেলেগ এটা বৰ্ণনাত আছে যে, জুই। যদি তেওঁ সেই পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ জ্যোতিৰে তেওঁৰ দৃষ্টি যিমান পৰ্যন্ত যায় সেই সকলো মখলুক্ব পুৰি ছাৰখাৰ হৈ যাব।"
ছহীহ (মুছলিম)
"আল্লাহে যি হিদায়ত আৰু ইল্ম প্ৰদান কৰি মোক প্ৰেৰণ কৰিছে তাৰ দৃষ্টান্ত হৈছে, এনেকুৱা প্ৰবল বৰষুণৰ দৰে যিটো পৃথিৱীত বৰ্ষণ হয়। তাৰে কিছুমান ভূমি উৰ্বৰ, যি ভূমিয়ে পানী শুহি লৈ প্ৰচুৰ পৰিমাণে ঘাঁহ পাত, গছ-বৃক্ষ আদি উৎপাদন কৰে, আকৌ কিছুমান ভূমি থাকে কঠিন, যি ভূমিয়ে পানী সঞ্চয় কৰি ৰাখে, পিছত আল্লাহ তাআ’লাই সেই পানীৰ দ্বাৰা মানুহৰ উপকাৰ সাধন কৰে – মানুহে নিজেও পান কৰে, পশুকো পান কৰায় আৰু তাৰ দ্বাৰা খেতি-বাতি কৰে । আকৌ কিছুমান মাটি আছে, একেবাৰে মসৃণ আৰু সমতল, এনে মাটিয়ে পানী সঞ্চয় কৰিও নাৰাখে আৰু গছ বিৰিখো উৎপাদন নহয়। এয়াই হ’ল – সেই ব্যক্তিৰ উদাহৰণ যিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰে আৰু আল্লাহ তাআ’লাই মোক দি পঠোৱা বাণীৰ দ্বাৰা উপকৃত হয়, ফলস্বৰূপে তেওঁ নিজেও শিক্ষা অৰ্জন কৰে আৰু আনকো শিকায় । এনে ব্যক্তিৰো উদাহৰণ যিজনে সেইফালে মূৰ দাঙি নাচায় আৰু আল্লাহৰ ফালৰ পৰা মোক যি হিদায়ত দি প্ৰেৰণ কৰিছে সেয়া গ্ৰহণ নকৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"
ছহীহ (মুছলিম)
"ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।"
অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})