Skip to content

মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম, লগতে ইয়াত থকা পান পাত্ৰবোৰ হ'ব আকাশৰ তৰাৰ নিচিনা। যিয়ে ইয়াৰ পৰা এবাৰ সেৱন কৰিব তেওঁ দ্বিতীয়বাৰ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।

«حَوْضِي مَسِيرَةُ شَهْرٍ، مَاؤُهُ أَبْيَضُ مِنَ اللَّبَنِ، وَرِيحُهُ أَطْيَبُ مِنَ المِسْكِ، وَكِيزَانُهُ كَنُجُومِ السَّمَاءِ، مَنْ شَرِبَ مِنْهَا فَلاَ يَظْمَأُ أَبَدًا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা তেখেতক হাউজ প্ৰদান কৰা হ'ব। যাৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত হ'ব এমাহ পথ অতিক্ৰম কৰাৰ সমান। সেই হাউজৰ পানী গাখীৰতকৈও বগা হ'ব। আৰু সেই পানীৰ সুগন্ধি মিচকতকৈও উত্তম হ'ব। আৰু তাত আকাশৰ তৰা সদৃশ পান পাত্ৰ থাকিব। সেইবোৰ পানপাত্ৰৰ জৰিয়তে যিয়ে সেই হাউজৰ পৰা এবাৰ পানী খাব, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাউজত বৃহৎ আকাৰত পানী ভৰ্তি থাকিব, কিয়ামতৰ দিনা তেখেতৰ উম্মতৰ মুমিনসকল তাতগৈ উপস্থিত হ'ব।

যিয়ে সেই হাউজৰ পৰা পানী খোৱাৰ সৌভাগ্য লাভ কৰিব, সেই ব্যক্তিয়ে এনেকুৱা নিয়ামত লাভ কৰিব যে, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।

সম্পাদক

ছহীহ বুখাৰী (8/ 119) (6579).

ছহীহ মুছলিম (4/ 1793) (2292).

অধিক (4)

المفهم (6/91).

فتح الباري (11/472).

التنوير شرح الجامع الصغير (5/387).

فتح المنعم شرح صحيح مسلم (9/125).