Skip to content

মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।

ঝুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"মানুহে দিয়ক বা নিদিয়ক, সিহঁতৰ ওচৰত খুজি মাগি খোৱাতকৈ খৰি কাটি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰাটো বেছি উত্তম।"

«لَأَنْ يَأْخُذَ أَحَدُكُمْ حَبْلَهُ، فَيَأْتِيَ بِحُزْمَةِ الحَطَبِ عَلَى ظَهْرِهِ، فَيَبِيعَهَا، فَيَكُفَّ اللَّهُ بِهَا وَجْهَهُ خَيْرٌ لَهُ مِنْ أَنْ يَسْأَلَ النَّاسَ أَعْطَوْهُ أَوْ مَنَعُوهُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বৰ্ণনা কৰিছে যে, মানুহে যিকোনো কাম কৰি নিজে উপাৰ্জন কৰি খোৱা উচিত, যদিও সেয়া খৰি বিচাৰি ৰছীৰে বান্ধি পিঠিত বহন কৰি আনি বিক্ৰী কৰিবলগীয়াই নহওক কিয়। তেওঁ সেই টকাৰে জীৱন-যাপন কৰা উচিত আৰু দান খয়ৰাত কৰা উচিত, লগতে মানুহৰ মুখাপেক্ষী হোৱাৰ পৰা বিৰত থকা উচিত তথা ভিক্ষাবৃত্তি পৰিত্যাগ কৰা উচিত। মানুহে দিয়ক বা নিদিয়ক, মানুহৰ ওচৰত খুজি মাগি খোৱাতকৈ এইটো কৰাই বেছি উত্তম। কাৰণ মানুহৰ ওচৰত খুজি মাগি খোৱাটো হৈছে এটা অপমানজনক কৰ্ম। মুমিন হৈছে সন্মানীয় ব্যক্তি, লাঞ্ছিত বা অপমানিত হ'বলগীয়া নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ভিক্ষাবৃত্তি তথা মানুহৰ ওচৰত খুজি মাগি খোৱাৰ পৰা বিৰত থাকিবলৈ আৰু এনেকুৱা স্বভাৱৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰা হৈছে।

নিজে কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ উৎসাহিত কৰা হৈছে। যদিও শ্ৰমজীৱী ব্যক্তিয়ে মানুহৰ দৃষ্টিত অতি সামান্য তথা তুচ্ছ পেচাৰ কাম কৰে।

ইছলামে ভিক্ষাবৃত্তি আৰু নিবনুৱা সমস্যা শেষ কৰিবলৈ সংগ্ৰাম কৰে। সেয়ে ইছলামত কৰ্ম কৰা আৰু কৰ্ম কৰিবলৈ প্ৰয়াস কৰা অনিবাৰ্য্য। যদিও সেয়া কঠিন পৰিশ্ৰমে নহওক কিয়, যেনে- খৰি কাটি বিক্ৰী কৰা।

কাম কৰিবলৈ সক্ষম আৰু উপাৰ্জন কৰাৰ ক্ষমতা থকা ব্যক্তিৰ বাবে ভিক্ষা কৰাটো বৈধ নহয়।

প্ৰয়োজনত শাসকৰ ওচৰত বিচৰাত কোনো অসুবিধা নাই। সৰ্বশক্তিমান আল্লাহে কৈছেঃ "আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল, তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহনৰ ব্যৱস্থা কৰিব পৰা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গৈছিল, কাৰণ সিহঁতৰ ব্যয় কৰিবলৈ একো নাছিল।" (ছুৰা আত-তাওবাঃ ৯২)

যদি কোনোবাই খৰি কাটি খাবলৈ অপাৰগ হয় আৰু খুজি মাগি খাবলৈ বাধ্য হয় তেন্তে তেনেকুৱা ব্যক্তিৰ বাবে ভিক্ষা কৰি খোৱা বৈধ। কিন্তু ভিক্ষা কৰাৰ সময়ত কাৰোবাক বিৰক্ত কৰা উচিত নহয়। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "তেওঁলোকে মানুহৰ পিছে পিছে গৈ ব্যাকুলভাৱে হেঁচা প্ৰয়োগ কৰি ভিক্ষা নকৰে।" (ছুৰা আল-বাক্বাৰাহঃ ২৭৩)

ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত দান-খয়ৰাত কৰিবলৈ, নিজে উপাৰ্জন কৰি খাবলৈ আৰু বৈধ পথেৰে উপাৰ্জন কৰিবলৈ উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (2/ 123) (1471).

অধিক (6)

بهجة الناظرين.

لسليم الهلالي (1/ 597).

نزهة المتقين.

لمجموعة من الباحثين (1/ 469).

الأدب النبوي.

لمحمد الشاذلي (ص33).