Skip to content

যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।

«مَن تَشَبَّهَ بِقَوْمٍ فَهُوَ مِنْهُمْ».

(আবু দাঊদ, আহমদ)
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত সংবাদ দিছে যে, যি ব্যক্তিয়ে কোনো কাফিৰ অথবা ফাছিক নাইবা পূণ্যৱান কোনো সম্প্রদায়ৰ অনুসৰণ তথা অনুকৰণ কৰিব- অৰ্থাৎ সিহঁতৰ আক্বীদা অথবা ইবাদত নাইবা চাল-চলন ইত্যাদি বৈশিষ্ট্য ধাৰণ কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত বুলি বিবেচিত হ'ব। কিয়নো বাহ্যিক অনুসৰণ-অনুকৰণেই দৰাচলতে অভ্যন্তৰীণ তথা আন্তৰিক অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰে। নি:সন্দেহে কোনো সম্প্রদায়ৰ অনুসৰণ সিহঁতৰ প্রতি আকৃষ্ট হোৱাৰ পিছতহে কৰা হয়। কেতিয়াবা কেতিয়াবা সিহঁতৰ প্রতি ভালপোৱা আৰু সিহঁতক কৰা সন্মানে সিহঁতৰ ওচৰত শিৰ নত কৰায়। এইবোৰেই মানুহক সাদৃশ্য গ্ৰহণ কৰিবলৈ আকৃষ্ট কৰে, অৱশেষত অভ্যন্তৰীণ আৰু ইবাদতৰ ক্ষেত্ৰতো সাদৃশ্যতা গ্ৰহণ কৰে। এনেকুৱা সাদৃশ্য গ্ৰহণৰ পৰা আমি আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কাফিৰ আৰু ফাছিকসকলৰ সাদৃশ্য গ্ৰহণৰ পৰা সতৰ্ক কৰা হৈছে।

সৎ তথা পূণ্যৱান লোকসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

বাহ্যিক অনুসৰণে অন্তৰত তাৰ প্ৰতি মুহাব্বত সৃষ্টি কৰে।

সাদৃশ্যতা গ্ৰহণ আৰু ইয়াৰ ধৰণ অনুযায়ী মানুহ কেতিয়াবা শাস্তিৰ উপযুক্ত হয় আৰু গুনাহগাৰ হয়।

কাফিৰসকলৰ ধৰ্ম আৰু সিহঁতৰ নিজস্ব কলা-কৃষ্টি তথা প্রথাৰ অনুসৰণ কৰা নিষিদ্ধ। কিন্তু উপৰোক্ত বিষয়বোৰৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰত সাদৃশ্যতা গ্ৰহণ কৰাত কোনো অসুবিধা নাই, যেনে- শিল্প তথা প্ৰযুক্তি বিদ্যা আদি সিহঁতৰ পৰা শিকা, এনেকুৱা অন্যান্য বিষয়বোৰ নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয়।

সম্পাদক

ছুনান আবি দাঊদ (6/ 144) (4031).

মুছনাদ আহমদ (9/ 126) (5115).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 363).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 157).

فتح ذي الجلال والاكرام بشرح بلوغ المرام.

لابن عثيمين (6/ 335).

مشكاة المصابيح.

للتبريزي (2/ 1246).