Skip to content

মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।

মিক্বদাদ বিন মা'দী কাৰিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

"মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।"

«مَا مَلأَ آدَمِيٌّ وِعَاءً شَرًّا مِنْ بَطْنٍ، بِحَسْبِ ابْنِ آدَمَ أَكَلاَتٌ يُقِمْنَ صُلْبَهُ، فَإِنْ كَانَ لَا مَحَالَةَ، فَثُلُثٌ لِطَعَامِهِ، وَثُلُثٌ لِشَرَابِهِ، وَثُلُثٌ لِنَفَسِهِ».

ইমাম আহমদ, তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চিকিৎসা বিজ্ঞানৰ এটা মূলনীতি উল্লেখ কৰিছে। এইটো এনেকুৱা এটা সতৰ্কতা যিটো অৱলম্বন কৰিলে মানুহৰ স্বাস্থ্য সুৰক্ষিত থাকে। সেয়া হৈছে কম পৰিমাণে পানাহাৰ কৰা। বৰং এই পৰিমাণে খাদ্য খোৱা উচিত যাৰ দ্বাৰা প্ৰয়োজনীয় কাম কৰিবলৈ পৰ্যাপ্ত পৰিমাণে শক্তি পোৱা যায়। কাৰণ আটাইতকৈ বেয়া পাত্ৰ হৈছে পেট। কিয়নো পেট ভৰাই খালে কেইবাটাও গম্ভীৰ বেমাৰ সৃষ্টি হয়, সোনকালে হওক বা পলমকৈ, বাহ্যিকভাৱে হওক বা আভ্যন্তৰীণ। ইয়াৰ পিছত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি মানুহৰ পেট ভৰাই খাবই লাগে তেন্তে পেটৰ এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত। যাতে পেটৰ ভিতৰৰ ঠাই সংকীৰ্ণ নহয় আৰু ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয়, লগতে দ্বীন আৰু দুনিয়াৰ ক্ষেত্ৰত আল্লাহে যিবোৰ বিষয় পালন কৰাটো অনিবাৰ্য্য কৰিছে সেই ক্ষেত্ৰত যাতে অৱহেলা নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

অতিৰিক্ত পানাহাৰ কৰা উচিত নহয়। এইটো হৈছে চিকিৎসা বিজ্ঞানৰ অন্যতম এটা মূলনীতি। কাৰণ পেট ভৰাই খালে বহুতো বেমাৰ-আজাৰে দেখা দিয়ে।

পানাহাৰৰ মূল উদ্দেশ্য হৈছে শক্তি সামৰ্থ আৰু স্বাস্থ্য সুৰক্ষিত ৰখা, যাতে নিৰাপদ জীৱন যাপন কৰিব পৰা যায়।

পেট ভৰাই পানাহাৰ কৰিলে দ্বীনি আৰু দুনিয়াৱী ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "পেট সম্পৰ্কীয় বিষয়ত তোমালোকে সতৰ্ক থাকিবা। কাৰণ ইয়াৰ দ্বাৰাই শৰীৰৰ ক্ষতি হয় আৰু নামাজৰ পৰা অৱহেলাৰ সৃষ্টি হয়।"

বিধানৰ দিশৰ পৰা পানাহাৰক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ওৱাজিবঃ ইমান পৰিমাণ পানাহাৰ কৰা যাৰ দ্বাৰা জীৱন বাচিব, আৰু ক্ষতিৰ পৰা ৰক্ষা পোৱা যাব। জায়েজঃ ওৱাজিব পৰিমাণতকৈ অকণমান বেছি খোৱা, য'ত কোনো ক্ষতিৰ আশংকা নাই। মাকৰূহঃ ইমান পৰিমাণ খাদ্য খোৱা য'ত ক্ষতিৰ আশংকা থাকে। হাৰামঃ ইমান পৰিমাণ খাদ্য খোৱা য'ত নিশ্চিত ক্ষতি আছে। মুস্তাহাবঃ ইমান পৰিমাণ খাদ্য খোৱা, যাৰ দ্বাৰা আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্যত সহায়ক হ'ব। এই হাদীছটোত পানাহাৰৰ তিনিটা পৰ্যায় সংক্ষিপ্তভাৱে বৰ্ণিত হৈছে। প্ৰথমঃ পেট ভৰাই খোৱা। দ্বিতীয়ঃ ইমান পৰিমাণ আহাৰ কৰা যাতে মেৰুদণ্ড পোন হৈ থাকিব পাৰে। তৃতীয়ঃ পাকস্থলীৰ এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে। মনত ৰখা উচিত যে, এই সকলোবোৰ ক্ষেত্ৰত ভক্ষণকৃত খাদ্য হালাল হ'ব লাগিব।

হাদীছটো হৈছে চিকিৎসা বিজ্ঞানৰ অন্যতম এটা মূলনীতি। কাৰণ চিকিৎসা বিজ্ঞান তিনিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। শক্তি আহৰণ কৰা, পৰহেজ কৰা আৰু বিশুদ্ধকৰণ কৰা। হাদীছটোত প্ৰথম দুটা বিষয়ক সামৰি লোৱা হৈছে। এইদৰে মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "পানাহাৰ কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।" (ছুৰা আল-আৰাফঃ ৩১)

এই চৰীয়ত হৈছে পূৰ্ণাংগ চৰীয়ত। ইয়াত মানুহৰ দ্বীন আৰু দুনিয়াৱী সকলো কল্যাণকৰ বিষয়ক সামৰি লোৱা হৈছে।

চিকিৎসা বিজ্ঞানৰ মূলনীতিসমূহ আৰু ইয়াৰ প্ৰকাৰসমূহ চৰীয়তৰ জ্ঞানৰ অন্যতম এটা অংশ। যিদৰে মৌ, ক'লাজীৰা আদিৰ গুণ বৰ্ণিত হৈছে।

চৰীয়তৰ সকলো বিধান হিকমতপূৰ্ণ। ইয়াৰ মূল উদ্দেশ্য হৈছে ক্ষতিৰ পৰা ৰক্ষা কৰা আৰু মানুহক উপকৃত কৰা।

সম্পাদক

ছুনান তিৰমিজী (4/ 188) (2380).

ছুনান ইবনে মাজাহ (4/ 448) (3349).

মুছনাদ আহমদ (28/ 422) (17186).

অধিক (7)

فتح الباري لابن حجر (9/ 528).

جامع العلوم والحكم في شرح خمسين حديثا من جوامع الكلم.

لابن رجب (2/ 467).

التحفة الربانية في شرح الأربعين حديثًا النووية.

لإسماعيل الأنصاري (ص100).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

لعبد المحسن العباد (ص148).