বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
كُنْتُ رِدْفَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى حِمَارٍ يُقَالُ لَهُ عُفَيْرٌ، فَقَالَ: «يَا مُعَاذُ، هَلْ تَدْرِي حَقَّ اللَّهِ عَلَى عِبَادِهِ، وَمَا حَقُّ العِبَادِ عَلَى اللَّهِ؟»، قُلْتُ: اللَّهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «فَإِنَّ حَقَّ اللَّهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلا يُشْرِكُوا بِهِ شَيْئًا، وَحَقَّ العِبَادِ عَلَى اللَّهِ أَنْ لا يُعَذِّبَ مَنْ لا يُشْرِكُ بِهِ شَيْئًا»، فَقُلْتُ: يَا رَسُولَ اللَّهِ أَفَلاَ أُبَشِّرُ بِهِ النَّاسَ؟ قَالَ: «لا تُبَشِّرْهُمْ، فَيَتَّكِلُوا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।
...:
হাদীছটোত বান্দাৰ ওপৰত থকা আল্লাহৰ অত্যাৱশ্যকীয় হক সম্পৰ্কে বৰ্ণনা কৰা হৈছে, সেয়া হৈছে, সিহঁতে যেন তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে।
হাদীছটোত আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কেও বৰ্ণনা কৰা হৈছে, যিটোক আল্লাহে তেওঁৰ নিয়ামত আৰু অনুগ্ৰহত নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে যে, তেওঁ সিহঁতক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতক শাস্তি প্ৰদান নকৰিব।
হাদীছটোত সেইসকল তাওহীদপন্থী লোকক ডাঙৰ সুসংবাদ দিয়া হৈছে, যিসকলে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে, তেওঁলোকৰ ঠিকনা হ'ব জান্নাত।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এই হাদীছটো তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত বৰ্ণনা কৰিছে, এই আশংকা কৰি যে, ইল্ম গোপন কৰাৰ গুনাহত যাতে তেওঁ নপৰে।
হাদীছটোৰ দ্বাৰা এইটো সতৰ্ক কৰা হৈছে যে, কিছুমান হাদীছ সাধাৰণ লোকক বৰ্ণনা কৰা উচিত নহয়, এই আশংকাত যে হয়তো সিহঁতে ইয়াৰ সঠিক অৰ্থ আহৰণ কৰিব নোৱাৰিব। কাৰণ এনেকুৱা বিষয়ৰ অধীনত কোনো আমল নাই আৰু চৰীয়তৰ ফালৰ পৰাও কোনো সীমাৰেখা নিৰ্ধাৰণ কৰা হোৱা নাই।
তাওহীদপন্থী লোকসকলৰ মাজৰ যিসকলে গুনাহ কৰিছে সিহঁতৰ বিষয়টো আল্লাহৰ ইচ্ছাৰ অধীনস্থ, তেওঁ ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমাও কৰিব পাৰে। তাৰ পিছত সিহঁতৰ শেষ ঠিকনা হ'ব জান্নাত।
ছহীহ বুখাৰী (4/ 29) (2856).
ছহীহ মুছলিম (1/ 58) (30).
(1/ 627).
অধিক (5)
المحكم لابن سيده (10/26).
المفهم لما أشكل من تلخيص كتاب مسلم (1/ 203).
فتح الباري (11/340.
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (1/ 623).
عمدة القاري شرح صحيح البخاري (14/ 148).
গ্ৰন্থসমূহত উল্লেখিত
12 গ্ৰন্থসমূহঅধিক (12)
- العقيدة الصحيحةدروس العقيدة الصحيحة«فَإِنَّ حَقَّ اللَّهِ عَلَى العِبَادِ: أَنْ يَعْبُدُوهُ وَلَا يُشْرِكُوا بِهِ شَيْئًا، وَحَقَّ العِبَادِ عَلَى اللَّهِ: أَنْ لاَ يُعَذِّبَ مَنْ لَا يُشْرِكُ بِهِ شَيْئًا»
- العقيدة الصحيحة وما يضادها«حق الله على العباد أن يعبدوه ولا يشركوا به شيئا»[2].
- العقيدة الصحيحة وما يضادها«أتدري ما حق الله على العباد وحق العباد على الله؟ فقال معاذ: قلت الله ورسوله أعلم، فقال النبي –صلى الله عليه وسلم- حق الله على العباد أن يعبدوه ولا يشركوا به شيئا، وحق العباد على الله أن لا يعذب من لا يشرك به شيئا»[7] الحديث.
- حراسة التوحيدالعقيدة الصحيحة وما يضادها «حَقُّ اللهِ عَلَى العِبَادِ أَن يَعْبُدُوهُ وَلَا يُشْرِكُوا بِهِ شَيْئًا» [2].
- حراسة التوحيدإقامة البراهين على حكم من استغاث بغير الله«حَقُّ اللهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلَا يُشْرِكُوا بِهِ شَيْئًا».
- خذ عقيدتك من الكتاب والسنة الصحيحة«حق العباد على الله أن لا يُعذِّبَ مَن لَا يشركُ به شيئًا»
- كتاب التوحيدكتاب التوحيد للشيخ محمد بن عبد الوهاب" حَقُّ اللهِ عَلَى الْعِبَادِ أَنْ يَعْبُدُوهُ وَلاَ يُشْرِكُوا بِهِ شَيْئًا، وَحَقُّ الْعِبَادِ عَلَى اللهِ أَنْ لاَ يُعَذِّبَ مَنْ لاَ يُشْرِكُ بِهِ شَيْئًا "،
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1قال: «فإن حق الله على العباد أن يعبدوه ولا يشركوا به شيئًا، وحق العباد على الله ألا يعذب من لا يشرك به شيئًا»
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1«حقُّ اللهِ على العِبادِ أنْ يعْبُدُوهُ ولا يُشْرِكُوا بِهِ شيْئًا...»
- مشروع منهاج زادكزادك 2 طالب نهائي«يَا مُعَاذُ، هَلْ تَدْرِي حَقَّ اللهِ عَلَى عِبَادِهِ؟ وَمَا حَقُّ العِبَادِ عَلَى اللهِ؟». قُلْتُ: اللهُ وَرَسُولُهُ أَعْلَمُ. قَالَ: «فَإِنَّ حَقَّ اللهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلاَ يُشْرِكُوا بِهِ شَيْئًا، وَحَقَّ العِبَادِ ع
- نبراس طالب (3)نبراس طالب 3«يَا مُعَاذُ، هَلْ تَدْرِي حَقَّ اللهِ عَلَى عِبَادِهِ، وَمَا حَقُّ العِبَادِ عَلَى اللهِ؟»، قُلْتُ: اللهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «فَإِنَّ حَقَّ اللهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلاَ يُشْرِكُوا بِهِ شَيْئًا، وَحَقَّ العِبَادِ ع
- نبراس طالب (3)نبراس طالب 3«فَإِنَّ حَقَّ اللهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلاَ يُشْرِكُوا بِهِ شَيْئًا»