Skip to content

“ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”

«مِنْ حُسْنِ إِسْلَامِ المَرْءِ تَرْكُهُ مَا لَا يَعْنِيهِ».

(তিৰমিজী)
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান।
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ পৰিপূৰ্ণ ইছলাম আৰু পূৰ্ণাংগ ঈমানৰ পৰিচয় হৈছে, অলাগতিয়াল তথা অপ্ৰয়োজনীয় কথা হওক বা কৰ্ম আদি বিষয়ৰ পৰা আঁতৰি থকা। অথবা দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত সকলো প্ৰকাৰ অলাগতিয়াল বিষয় পৰিত্যাগ কৰা। যিবোৰ বস্তু মানুহৰ বাবে দৰকাৰী নহয়, তেনেকুৱা বিষয়ত ব্যস্ত থাকিলে তেওঁ সেইবোৰ বিষয়ৰ পৰা আঁতৰি যাব পাৰে, যিবোৰ তেওঁৰ বাবে বেছি দৰকাৰী। অথবা তেওঁক সেইবোৰ বিষয়ত ব্যস্ত কৰি ৰাখিব পাৰে, যিবোৰৰ পৰা তেওঁ আঁতৰি থকা উচিত। কাৰণ কিয়ামতৰ দিনা মানুহক নিজৰ কৰ্ম সম্পৰ্কে জবাবদিহি কৰা হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইছলাম গ্ৰহণৰ ক্ষেত্ৰত মানুহৰ স্তৰ বেলেগ বেলেগ। কিছুমানৰ আমলৰ দ্বাৰা মৰ্যাদা বৃদ্ধি হয়।

পৰিপূৰ্ণৰূপে ইছলাম গ্ৰহণ কৰাৰ প্ৰমাণ হৈছে, কথা আৰু কৰ্মৰ ক্ষেত্ৰত অদৰকাৰী তথা অপ্ৰয়োজনীয় অনৰ্থক বিষয় পৰিত্যাগ কৰা।

দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত মানুহৰ বাবে যিটো বেছি গুৰুত্বপূৰ্ণ সেইটো কৰিবলৈ উৎসাহিত কৰা হৈছে। অনৰ্থক বিষয় পৰিত্যাগ কৰাটো যদি সুন্দৰ ইছলামৰ পৰিচয় হয়, তেন্তে দৰকাৰী বিষয়ত ব্যস্ত থকাটো কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে।

ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বাক্যতে সকলো প্ৰকাৰ পৰহেজগাৰিতা উল্লেখ কৰিছে। তেখেতে কৈছেঃ পূৰ্ণাংগ মুছলিমৰ পৰিচয় হৈছে অনৰ্থক বিষয় বৰ্জন কৰা। এই বাক্যটোত ব্যাপকভাৱে সেই সকলো বস্তু ত্যাগ কৰিবলৈ কোৱা হৈছে যিবোৰ অনৰ্থক। কথা-বতৰা, দৃষ্টি, শ্ৰৱণ, বাহাদুৰি, চলা-ফুৰা, চিন্তা-চৰ্চাকে আদি কৰি সকলো প্ৰকাৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনৰ্থক গতি-বিধি ইয়াৰ অন্তৰ্ভুক্ত। পৰহেজগাৰী অৱলম্বনৰ ক্ষেত্ৰত এই বাক্যটোৱে যথেষ্ট।

ইবনু ৰজবে কৈছেঃ এই হাদীছটো হৈছে শিষ্টাচাৰৰ অন্যতম এটা মূলনীতি।

জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা হৈছে। কিয়নো জ্ঞানৰ জৰিয়তেই পৰিচিতি লাভ কৰা সম্ভৱ যে, কোনটো লাগতিয়াল আৰু কোনটো অনৰ্থক।

সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, লগত শুভকামনা কৰা, এইবোৰ হৈছে মানুহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তেওঁলোকক ইয়াৰ নিৰ্দেশ দিয়া হৈছে।

হাদীছটোৰ ব্যাপক অৰ্থত এইটোও অন্তৰ্ভুক্ত যে, সেইবোৰ বস্তুৰ পৰা দূৰত থাকিব লাগিব যিবোৰ বস্তুক আল্লাহে হাৰাম কৰিছে, এইদৰে সেইবোৰ বস্তুৰ পৰাও আঁতৰি থাকিব লাগিব যিবোৰক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অপছন্দ কৰিছে। লগতে সেইবোৰ বস্তুৰ পৰাও আঁতৰি থকা উচিত যিবোৰ আখিৰাত সম্পৰ্কীয় বিষয়ত জৰুৰী নহয়, যেনে- গায়েব সম্পৰ্কীয় বিষয়ৰ বাস্তৱতা, সৃষ্টি আৰু আদেশ সম্পৰ্কীয় বিষয়ৰ বিৱৰণ আদি। এইদৰে সেইবোৰ বিষয়েও প্ৰশ্ন কৰা তথা অনুসন্ধান কৰা উচিত নহয় যিবোৰ তাক্বদীৰত নিৰ্ধাৰণ কৰা আছে, তথা যিবোৰ সংঘটিত হোৱা নাই অথবা যিবোৰ নহ'বও পাৰে নাইবা এনেকুৱা বিষয় যিবোৰ সংঘটিত হোৱাৰ সম্ভাৱনাই নাই।

সম্পাদক

ছুনান তিৰমিজী (4/ 136) (2317).

ছুনান ইবনে মাজাহ (5/ 118) (3976).

অধিক (4)

আল-আৰবাউন আন-নাবাৱিয়্যাহ। (ص: 64) (ح12).

تحفة الأحوذي (6/ 500).

شرح الأربعين النووية للعثيمين (ص: 158).

الرياض الزكية شرح الأربعين النووية للخضير (ص 223).