আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব। আনহাতে কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যি সৎকৰ্ম কৰে তাৰ প্ৰতিদান স্বৰূপে আল্লাহে তাক জীৱিকা প্ৰদান কৰে। ফলত আখিৰাতত তাক প্ৰতিদান দিব পৰা তাৰ ওচৰত কোনো সৎকৰ্মই অৱশিষ্ট নাথাকে।
«إِنَّ اللهَ لَا يَظْلِمُ مُؤْمِنًا حَسَنَةً، يُعْطَى بِهَا فِي الدُّنْيَا وَيُجْزَى بِهَا فِي الْآخِرَةِ، وَأَمَّا الْكَافِرُ فَيُطْعَمُ بِحَسَنَاتِ مَا عَمِلَ بِهَا لِلَّهِ فِي الدُّنْيَا، حَتَّى إِذَا أَفْضَى إِلَى الْآخِرَةِ، لَمْ تَكُنْ لَهُ حَسَنَةٌ يُجْزَى بِهَا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিন বান্দাসকলৰ ওপৰত থকা আল্লাহৰ মহান কৃপা সম্পৰ্কে আৰু কাফিৰসকলৰ প্ৰতি থকা ন্যায় পৰায়ণতা সম্পৰ্কে উল্লেখ কৰিছে। এতেকে মুমিন বান্দাৰ কোনো ছোৱাবকেই তেওঁ হ্ৰাস নকৰে, বৰং পাৰ্থিৱ জীৱনত আল্লাহৰ আনুগত্য কৰাৰ বাবে আল্লাহে তেওঁক সা-সুবিধা দান কৰে, লগতে আখিৰাতৰ বাবেও উত্তম প্ৰতিদান জমা কৰি থয়। আকৌ কেতিয়াবা সম্পূৰ্ণ প্ৰতিদান আখিৰাতৰ বাবে জমা কৰি ৰাখে। আনহাতে কাফিৰ ব্যক্তিয়ে পৃথিৱীত যিবোৰ সৎকৰ্ম কৰে, সেইবোৰৰ বিনিময় হিচাপে আল্লাহে তাক পাৰ্থিৱ জীৱনৰ সা-সুবিধাৰ দ্বাৰাই প্ৰতিদান দিয়ে। অৱশেষত যেতিয়া সি আখিৰাতত গৈ উপনীত হ'ব, তেতিয়া তাৰ ওচৰত প্ৰতিদান পাব পৰা কোনো সৎকৰ্মই অৱশিষ্ট নাথাকিব। কাৰণ নেক আমলৰ দ্বাৰা উভয় ঠাইতে উপকৃত হ'বলৈ হ'লে ব্যক্তিজন মুমিন হোৱাটো বাধ্যতামূলক।
...:
হাদীছটোৰ দ্বাৰা এই কথা বুজা গ'ল যে, কুফৰ অৱস্থাত মৃত্যুবৰণ কৰিলে কোনো আমলেই উপকাৰ সাধন নকৰে।
ছহীহ মুছলিম (4/ 2162) (2808).
অধিক (3)
المفهم لما أشكل من تلخيص كتاب مسلم (1/ 460).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (43/ 460).
شرح النووي على مسلم (17/150).