Skip to content
ছুৰাসমূহৰ তালিকা /

المُنَافِقُونَ

المُنَافِقُونَ is chapter 63 of the Quran and has 11 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

11 আয়াতসমূহ ছুৰা নং 63
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

إِذَا جَآءَكَ ٱلۡمُنَٰفِقُونَ قَالُواْ نَشۡهَدُ إِنَّكَ لَرَسُولُ ٱللَّهِۗ وَٱللَّهُ يَعۡلَمُ إِنَّكَ لَرَسُولُهُۥ وَٱللَّهُ يَشۡهَدُ إِنَّ ٱلۡمُنَٰفِقِينَ لَكَٰذِبُونَ

যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল, লগতে আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া।

ٱتَّخَذُوٓاْ أَيۡمَٰنَهُمۡ جُنَّةٗ فَصَدُّواْ عَن سَبِيلِ ٱللَّهِۚ إِنَّهُمۡ سَآءَ مَا كَانُواْ يَعۡمَلُونَ

সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!

ذَٰلِكَ بِأَنَّهُمۡ ءَامَنُواْ ثُمَّ كَفَرُواْ فَطُبِعَ عَلَىٰ قُلُوبِهِمۡ فَهُمۡ لَا يَفۡقَهُونَ

এয়া এই কাৰণে যে, সিহঁতে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁতে নুবুজা হৈছে।

۞ وَإِذَا رَأَيۡتَهُمۡ تُعۡجِبُكَ أَجۡسَامُهُمۡۖ وَإِن يَقُولُواْ تَسۡمَعۡ لِقَوۡلِهِمۡۖ كَأَنَّهُمۡ خُشُبٞ مُّسَنَّدَةٞۖ يَحۡسَبُونَ كُلَّ صَيۡحَةٍ عَلَيۡهِمۡۚ هُمُ ٱلۡعَدُوُّ فَٱحۡذَرۡهُمۡۚ قَٰتَلَهُمُ ٱللَّهُۖ أَنَّىٰ يُؤۡفَكُونَ

আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!

وَإِذَا قِيلَ لَهُمۡ تَعَالَوۡاْ يَسۡتَغۡفِرۡ لَكُمۡ رَسُولُ ٱللَّهِ لَوَّوۡاْ رُءُوسَهُمۡ وَرَأَيۡتَهُمۡ يَصُدُّونَ وَهُم مُّسۡتَكۡبِرُونَ

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।