Skip to content
ছুৰাসমূহৰ তালিকা /

التغَابُن

التغَابُن is chapter 64 of the Quran and has 18 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

18 আয়াতসমূহ ছুৰা নং 64
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

يُسَبِّحُ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۖ لَهُ ٱلۡمُلۡكُ وَلَهُ ٱلۡحَمۡدُۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

هُوَ ٱلَّذِي خَلَقَكُمۡ فَمِنكُمۡ كَافِرٞ وَمِنكُم مُّؤۡمِنٞۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٌ

তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّ وَصَوَّرَكُمۡ فَأَحۡسَنَ صُوَرَكُمۡۖ وَإِلَيۡهِ ٱلۡمَصِيرُ

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই।

يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَيَعۡلَمُ مَا تُسِرُّونَ وَمَا تُعۡلِنُونَۚ وَٱللَّهُ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ

আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।

أَلَمۡ يَأۡتِكُمۡ نَبَؤُاْ ٱلَّذِينَ كَفَرُواْ مِن قَبۡلُ فَذَاقُواْ وَبَالَ أَمۡرِهِمۡ وَلَهُمۡ عَذَابٌ أَلِيمٞ

ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে? সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।