Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। সূৰ্য্য উদয় হোৱাৰ সময়ত, যেতিয়ালৈকে সূৰ্য্য ওপৰলৈ নুঠে। এইদৰে দুপৰীয়া যেতিয়া সূৰ্য্য মূৰৰ ওপৰত থাকে, যেতিয়ালৈকে সূৰ্য্য ঢাল নাখায়। এইদৰে যেতিয়া সূৰ্য্য ডুবিবলৈ ঢাল খায়, যেতিয়ালৈকে পৰিপূৰ্ণৰূপে ডুবি নাযায়।
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ) «التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ» ‎("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ।"‎ বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ، ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কাৰোবাৰ যদি নামাজত সন্দেহ হয়, তেওঁ যদি থিৰাং কৰিব নোৱাৰে যে, কিমান ৰাকাত পঢ়িছে তিনি ৰাকাত নে চাৰি ৰাকাত? তেন্তে তেওঁ সন্দেহক পৰিহাৰ কৰি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ অব্যাহত ৰখা উচিত। ইয়াৰ পিছত ছালাম ফিৰোৱাৰ আগত দুটা ছাজদাহ কৰি লোৱা উচিত। যদি তেওঁ পাঁচ ৰাকাত পঢ়িছে তেন্তে এই ছাজদাই তেওঁৰ নামাজক যুগ্ম সংখ্যাত পৰিণত কৰাব। আনহাতে যদি চাৰি ৰাকাত সম্পূৰ্ণৰূপে পঢ়িছে তেন্তে এই ছাজদাহ হ'ব চয়তানক অপমানিত কৰাৰ কাৰণ।"
ছহীহ (মুছলিম)
কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
ছহীহ (মুছলিম)
"যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللهِ رَبًّا وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই আৰু মুহাম্মদক নবী হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।"
ছহীহ (মুছলিম)
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
ছহীহ ইবনু খুযাইমা, দাৰুকুতনী আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে আৰু তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে নামাজ পঢ়ি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে ছালামৰ উত্তৰ দি ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" সেই ব্যক্তিজন উভতি গৈ পুনৰ আগৰ দৰে নামাজ পঢ়িলে। ইয়াৰ পিছত আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে আকৌ ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" এনেকৈ তিনিবাৰ পুনৰাবৃত্তি হোৱাৰ পিছত, ব্যক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই ইয়াতকৈ আৰু অধিক সুন্দৰভাৱে পঢ়িব নোৱাৰোঁ। এতেকে আপুনিয়ে মোক শিকাই দিয়ক। তেতিয়া তেখেতে ক'লেঃ "যেতিয়া তুমি নামাজত থিয় হ'বা তেতিয়া তাকবীৰ দিবা। ইয়াৰ পিছত নিজৰ সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ৰূকু কৰিবা আৰু ধীৰস্থিৰভাৱে ৰূকু কৰিবা। ইয়াৰ পিছত ৰূকুৰ পৰা মূৰ তুলি পৰিপূৰ্ণৰূপে পোনহৈ থিয় দিবা। তাৰ পিছত ছাজদাহ কৰিবা আৰু শান্ত হৈ ধীৰ স্থিৰভাৱে ছাজদাহ কৰিবা। তাৰ পিছত ছাজদাৰ পৰা মূৰ তুলি শান্তহৈ বহিবা। এইদৰে তুমি সম্পূৰ্ণ নামাজতে কৰিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})