Skip to content

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”।

«مَنْ ‌خَرَجَ ‌مِنَ ‌الطَّاعَةِ، وَفَارَقَ الْجَمَاعَةَ فَمَاتَ، مَاتَ مِيتَةً جَاهِلِيَّةً، وَمَنْ قَاتَلَ تَحْتَ رَايَةٍ عِمِّيَّةٍ، يَغْضَبُ لِعَصَبَةٍ، أَوْ يَدْعُو إِلَى عَصَبَةٍ، أَوْ يَنْصُرُ عَصَبَةً، فَقُتِلَ، فَقِتْلَةٌ جَاهِلِيَّةٌ، وَمَنْ خَرَجَ عَلَى أُمَّتِي، يَضْرِبُ بَرَّهَا وَفَاجِرَهَا، وَلَا يَتَحَاشَى مِنْ مُؤْمِنِهَا، وَلَا يَفِي لِذِي عَهْدٍ عَهْدَهُ، فَلَيْسَ مِنِّي وَلَسْتُ مِنْهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যিয়ে ৰাষ্ট্ৰপ্ৰধানৰ আনুগত্যৰ পৰা ওলাই যাব তথা সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰনেতাৰ বাইআত গ্ৰহণ কৰা ইছলামিক জামাত ত্যাগ কৰিব, যদি এনেকুৱা ব্যক্তিৰ সেই অৱস্থাতে মৃত্যু হয় অৰ্থাৎ জামাত পৰিত্যাগ কৰা অৱস্থাত তথা আনুগত্য নকৰা অৱস্থাত মৃত্যু হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যুবৰণ কৰিলে, কাৰণ জাহেলী যুগত লোকসকলে আমীৰৰ আনুগত্য কৰা নাছিল আৰু জামাতবদ্ধও নাছিল, বৰং সিহঁত বিভিন্ন ফিৰ্কা আৰু শিবিৰত গোট খাইছিল, যিসকলে ইজনে সিজনৰ সৈতে যুদ্ধ কৰিছিল। এইদৰে যি ব্যক্তিয়ে এনেকুৱা পতাকাৰ নেতৃত্বত যুদ্ধ কৰে য'ত সত্য অসত্যৰ মাজত কোনো পাৰ্থক্য নাই, অৰ্থাৎ যিয়ে কেৱল জাতীয়তাবাদ বা বংশৰ কাৰণে ক্ৰোধ প্ৰদৰ্শন কৰে, দ্বীন আৰু সত্যৰ কাৰণে নহয়। ফলত সি নিজৰ চাহিদা পূৰণৰ বাবে তথা আক্রোশ দমন কৰিবলৈ সঁচা মিছা পাৰ্থক্য নকৰাকৈ যুদ্ধ কৰে। এই অৱস্থাতে যদি সি নিহত হয় তেন্তে সি জাহেলী অৱস্থাত মৃত্যবৰণ কৰিব। এইদৰে যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ পৰা বিদ্ৰোহ কৰি উম্মতৰ ভাল বেয়া লোকসকলক হত্যা কৰে, কোনে কি কৰে তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰে, আনকি মুমিন ব্যক্তিক হত্যা কৰাৰ ক্ষেত্ৰতো অকণো কুণ্ঠাবোধ নকৰে আৰু ইয়াৰ শাস্তিৰ পৰাও ভয় নকৰে। এইদৰে অংগীকাৰ কৰা লোকসকলৰ সৈতে অংগীকাৰো পূৰণ নকৰে, এইটো হৈছে কাবীৰাহ গুনাহ তথা মহা পাপ। গতিকে যিয়েই এনেকুৱা কাম কৰিব সিয়েই এই কঠিন সতৰ্কবাণীৰ আওতাত পৰিব।

শব্দাৰ্থ

جَاهلية: منسوبة إِلى: الجهل، والمراد به: من مات على الكفر قبل الإسلام.

عِمِّية: الأمر الأعمى، أي الذي لا يستبين وجهه.

لعَصَبة: عصبة الرجل أقاربه من جهة الأب سموا بذلك؛ لأنهم يعصبونه ويعتصب بهم أي يحيطون به ويشتد بهم.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আল্লাহৰ অবাধ্যতা নকৰাকৈ শাসকৰ আনুগত্য কৰা ওৱাজিব।

এই হাদীছটোত কঠিন সতর্কবাণী আছে সেই ব্যক্তিৰ বাবে যিয়ে মুছলিমসকলৰ পৰা ওলাই যায় আৰু ইমামৰ আনুগত্যক নসাৎ কৰে আৰু মুছলিমসকলৰ জামাত ত্যাগ কৰে। যদি সেই ব্যক্তি এই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে সি জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিব।

হাদীছটোত জাতীয়তাবাদৰ পক্ষ অৱলম্বন কৰি যুদ্ধ কৰিবলৈ নিষেধ কৰা হৈছে।

অংগীকাৰ তথা প্ৰতিশ্ৰুতি পূৰণ কৰা ওৱাজিব।

আনুগত্য কৰা আৰু জামাতবদ্ধ হৈ থকাৰ মাজত আছে অসংখ্য কল্যাণ, নিৰাপত্তা, শান্তি তথা অৱস্থাৰ সংশোধন।

ইয়াৰ দ্বাৰা জাহেলী যুগৰ অৱস্থাৰ সাদৃশ্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে।

মুছলিমসকলৰ জামাতক মজবুতভাৱে ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সম্পাদক

ছহীহ মুছলিম.

অধিক (9)

شرح النووي على مسلم (12/ 238).

توضيح الأحكام من بلوغ المرام.

للبسام (6/ 179).

سبل السلام.

لمحمد الصنعاني (2/ 374).

منحة العلام شرح بلوغ المرام.

لعبد الله الفوزان (8/ 338).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (6/ 2395).