আল্লাহুম্মা ক্বিনী আজাবাক, য়াওমা তাজমাউ আউ তাবআছু ইবাদাক।
হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুৱাৰ সময়ত নিজৰ হাত মূৰৰ তলত ৰাখিছিল আৰু ইয়াৰ পিছত কৈছিলঃ "আল্লাহুম্মা ক্বিনী আজাবাক, য়াওমা তাজমাউ আউ তাবআছু ইবাদাক।" (অৰ্থঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা পুনৰুত্থিত কৰিবা, সেইদিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।)
أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَانَ إِذَا أَرَادَ أَنْ يَنَامَ وَضَعَ يَدَهُ تَحْتَ رَأْسِهِ، ثُمَّ قَالَ: «اللَّهُمَّ قِنِي عَذَابَكَ يَوْمَ تَجْمَعُ أَوْ تَبْعَثُ عِبَادَكَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বিছনাত শুবলৈ গৈছিল, তেতিয়া তেখেতে নিজৰ সোঁহাত গাৰুৰ নিচিনাকৈ সোঁফালৰ গালৰ তলত ৰাখিছিল, আৰু এই দুআ পাঠ কৰিছিলঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰিবা, সেই কিয়ামতৰ দিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।
হাদীছটোত এই বৰকতময় দুআৰ ফজীলত বৰ্ণিত হৈছে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুসৰণ কৰি এইটো নিয়মিত পাঠ কৰিব লাগে।
সোঁফালে কাতি হৈ শোৱাটো মুস্তাহাব।
ছিন্ধীয়ে কৈছে: (‘আল্লাহুম্মা ক্বিনী আজাবাকা’) (হে আল্লাহ, মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰা) এই দুআটোত এইটো ইংগিত পোৱা যায় যে, বুদ্ধিমান ব্যক্তিয়ে টোপনিৰ সময়ছোৱাক মৃত্যু আৰু ইয়াৰ পিছৰ পুনৰুত্থানৰ স্মৰণৰ মাধ্যম হিচাপে গ্ৰহণ কৰা উচিত।
কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায় হৈছে: ১. আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ ৰহমত লাভ কৰা, ২. বান্দাই সৎকৰ্মৰ তাওফীক লাভ কৰা, ৩. আৰু আল্লাহে গুনাহসমূহ ক্ষমা কৰি দিয়া।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ প্ৰতিপালক তথা মুনিবৰ প্ৰতি অত্যন্ত বিনয়ী আছিল।
হাদীছটোৱে পুনৰুত্থান আৰু প্ৰত্যাবৰ্তনৰ প্ৰমাণ বহন কৰে যে, সেইদিনা সকলো মানুহে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব, যাতে সিহঁতৰ কৰ্মৰ হিচাপ নিকাচ গ্ৰহণ কৰিব পৰা যায়। যিয়ে ভাল ফলাফল লাভ কৰিব, তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, আনহাতে যিয়ে ইয়াৰ বিপৰীত ফলাফল লাভ কৰিব, সি কেৱল নিজকেই দোষাৰোপ কৰিব। কাৰণ এইবোৰ হৈছে বান্দাৰ আমল, যিবোৰৰ হিচাপ-নিকাচ গ্ৰহণ কৰা হ'ব।
চাহাবায়ে কেৰাম ৰাদ্বিয়াল্লাহু আনহুমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শোৱাৰ সময়ৰ অৱস্থা সম্পৰ্কে জানিবলৈও অতি উৎসুক আছিল।
হাদীছৰ বাণীঃ 'তেখেতে নিজৰ সোঁ হাতখন গালৰ তলত ৰাখিছিল'—এইটো তেখেতৰ অভ্যাস আছিল যে, তেখেতে সকলো কামতে সোঁফালক প্ৰাধান্য দিছিল, কেৱল সেইটোৰ বাহিৰে যিটো ক্ষেত্ৰত তেখেতে ইয়াৰ বিপৰীত কৰিছিল বুলি প্ৰমাণিত আছে।
সোঁফালে কাতি হৈ শোৱাৰ কাৰণ হৈছে, সোঁফালে শুই টোপনি গ'লে হৃদয়যন্ত্ৰ স্থিৰ নথকাৰ ফলত সোনকালে টোপনিৰ পৰা সাৰ পোৱাত সহায়ক হয়, কিয়নো হৃদয় হৈছে বাঁওফালে অৱস্থিত, গতিকে বাঁওফালে কাতি হৈ শুলে অংগবোৰৰ চাপ পৰি হৃদয়ৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
ছুনান তিৰমিজী (5/ 404) (3398).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 533).
كنوز رياض الصالحين.
لمجموعة من الباحثين (17/ 335).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1001).