Skip to content

যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَمُعَاذٌ رَدِيفُهُ عَلَى الرَّحْلِ قَالَ: «يَا مُعَاذُ بْنَ جَبَلٍ»، قَالَ: لَبَّيْكَ يَا رَسُولَ اللهِ وَسَعْدَيْكَ، قَالَ: «يَا مُعَاذُ»، قَالَ: لَبَّيْكَ يَا رَسُولَ اللهِ وَسَعْدَيْكَ، ثَلَاثًا، قَالَ: «مَا مِنْ أَحَدٍ يَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ صِدْقًا مِنْ قَلْبِهِ إِلَّا حَرَّمَهُ اللهُ عَلَى النَّارِ»، قَالَ: يَا رَسُولَ اللهِ، أَفَلَا أُخْبِرُ بِهِ النَّاسَ فَيَسْتَبْشِرُوا؟ قَالَ: «إِذًا يَتَّكِلُوا». وَأَخْبَرَ بِهَا مُعَاذٌ عِنْدَ مَوْتِهِ تَأَثُّمًا.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

মুআজ বিন জবল ৰাদ্বিয়াল্লাহ আনহু বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিল, সেই সময়তে তেখেতে তেওঁক মাতিলে: হে মুআজ! এনেকৈ তেওঁক তিনিবাৰ মাতিলে, তেখেতে তেওঁক এনেকৈ বাৰে বাৰে নাম কাঢ়ি মাতাৰ উদ্দেশ্য আছিল তেওঁৰ মনোযোগ আকৰ্ষণ কৰা আৰু ক'বলগীয়া কথাটোৰ গুৰুত্ব বুজোৱা। প্ৰত্যেক বাৰেই মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এনেকৈ উত্তৰ দিছিল (لبيك يا رسول الله وسعديك) অৰ্থাৎ হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ, আৰু আপোনাৰ আহ্বানত সঁহাৰি দিয়াটো মোৰ সৌভাগ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনালে যে, যি ব্যক্তিয়েই আন্তৰিকতাৰে সঁচা অৰ্থত লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিব, অৰ্থাৎ এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, যদি এই সাক্ষ্যৰ ওপৰত অটল থকা অৱস্থাতে তাৰ মৃত্যু হয় তেন্তে আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰিব দিব। এই কথা শুনি মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা মানুহক জনাই দিয়াৰ অনুমতি বিচাৰিলে, যাতে মানুহে খবৰটো শুনি আনন্দিত হয়। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশংকা কৰিলে যে, হয়তো মানুহে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব আৰু আমল কৰা বাদ দিব। ফলত মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটো মৃত্যুৰ আগমুহুৰ্ত পৰ্যন্ত বৰ্ণনা কৰা নাছিল। কিন্তু মৃত্যুৰ আগত বৰ্ণনা কৰিছে, যাতে ইল্ম গোপন কৰাৰ গুনাহত জৰিত নহয়।

শব্দাৰ্থ

الرحل: ما يوضع على ظهر الدابة للركوب.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰোহণ কৰা বহনত মুআজক পিছফালে বহুৱাই লৈছিল, বিষয়টোৱে প্ৰমাণ কৰে যে তেখেতে অতি সহজ সৰল জীৱন-যাপন কৰিছিল।

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা শিক্ষা পদ্ধতি স্পষ্ট হৈছে, য'ত তেখেতে মুআজ ৰাদ্বিয়াল্লাহু আনহুক কেইবাবাৰো মাতিছে তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু ক'বলগীয়া কথাটোৰ গুৰুত্ব বুজাবলৈ।

আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, এই কথাৰ সাক্ষ্য দিয়াৰ এটা অন্যতম চৰ্ত হৈছে সাক্ষ্যদানকাৰীয়ে পূৰ্ণ বিশ্বাসৰ সৈতে আন্তৰিকতাৰে সাক্ষ্য দিব লাগিব, য'ত মিছা কথা আৰু সন্দেহৰ কোনো অৱকাশ নাই।

তাওহীদত বিশ্বাসীসকল কেতিয়াও জাহান্নামত চিৰস্থায়ী নহ’ব। যদিও তেওঁলোক নিজৰ গুনাহৰ ফলত জাহান্নামত প্রৱেশ কৰে। গুনাহ অনুপাতে শাস্তি হোৱাৰ পিছত তেওঁলোকক জাহান্নামৰ পৰা উলিয়াই অনা হ’ব।

হাদীছটোত আন্তৰিকতাৰে সাক্ষ্য দিয়া ব্যক্তিৰ ফজীলত বৰ্ণিত হৈছে।

পৰিস্থিতি আৰু পৰিৱেশ অনুসাৰে কিছুমান হাদীছ বৰ্ণনা নকৰাটো বৈধ, যদি সেইটো বৰ্ণনা কৰিলে ক্ষতি হোৱাৰ আশংকা থাকে।

সম্পাদক

ছহীহ বুখাৰী (1/ 37) (128).

ছহীহ মুছলিম (1/ 61) (32).

অধিক (5)

نزهة المتقين شرح رياض الصالحين (1/ 377).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 487).

كنوز رياض الصالحين.

لمجموعة من الباحثين (6/ 496).