Skip to content

ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়।

আবু উমামাৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আমৰ বিন আবাছা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছ বৰ্ণনা কৰিছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

"ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"

«أَقْرَبُ مَا يَكُونُ الرَّبُّ مِنَ العَبْدِ فِي جَوْفِ اللَّيْلِ الآخِرِ، فَإِنْ اسْتَطَعْتَ أَنْ تَكُونَ مِمَّنْ يَذْكُرُ اللَّهَ فِي تِلْكَ السَّاعَةِ فَكُنْ».

(আবু দাঊদ, তিৰমিজী, নাছায়ী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ ৰাতিৰ শেষ তৃতীয়াংশত বান্দাৰ একেবাৰে নিকটৱৰ্তী হয়। গতিকে হে মুমিন ব্যক্তি! যদি তুমি তাওফীক পোৱা তথা সক্ষম হোৱা তেন্তে সেই ইবাদতকাৰী, জিকৰ-আজকাৰকাৰী আৰু তাওবাকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা, যিসকলে সেই সময়ত এইবোৰ ইবাদতত ব্যস্ত থাকে। কাৰণ এইটো খুবেই গুৰুত্বপূৰ্ণ সময়, ইয়াৰ সদ্ব্যৱহাৰ কৰা উচিত, তথা অধ্যৱসায় কৰা উচিত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ৰাতিৰ শেষ ভাগত জিকৰ-আজকাৰ কৰিবলৈ মুছলিমসকলক উৎসাহিত কৰা হৈছে।

জিকৰ-আজকাৰ, দুআ আৰু নামাজৰ ক্ষেত্ৰত, কিছুমান সময় আন কিছুমান সময়ৰ ওপৰত প্ৰাধান্যযোগ্য।

মাইৰাকে কৈছেঃ হাদীছৰ এই দুটা বাণীৰ মাজত পাৰ্থক্য হৈছে, য'ত কোৱা হৈছে, "মহান ৰব্ব ৰাতিৰ শেষাংশত বান্দাৰ নিকটৱৰ্তী হয়" ইয়াত এটা নিৰ্দিষ্ট সময়ক বুজোৱা হৈছে আৰু সেইটো হৈছে ৰাতিৰ মধ্য ভাগ। আনহাতে যিটো হাদীছত কোৱা হৈছে যে, "বান্দা মহান প্ৰতিপালকৰ নিকটৱৰ্তী হয় সেই সময়ত, যেতিয়া তেওঁ ছাজদাহ অৱস্থাত থাকে।" ইয়াত প্ৰতিপালকৰ নিকটৱৰ্তী হোৱাৰ অৱস্থা বৰ্ণিত হৈছে, সেইটো হৈছে ছাজদাহ অৱস্থা।

সম্পাদক

ছুনান তিৰমিজী (5/ 537) (3579).

ছুনান আবি দাঊদ (2/ 454) (1277).

ছুনান নাছায়ী (1/ 279) (572).

অধিক (8)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 1019).

شرح رياض الصالحين.

لابن عثيمين (5/ 509).

كنوز رياض الصالحين.

لمجموعة من الباحثين (17/ 535).

مشكاة المصابيح.

للتبريزي (1/ 387).