মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
ইৰবাজ বিন ছাৰিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
قام فينا رسول الله صلى الله عليه وسلم ذات يوم، فوَعَظَنا مَوعظةً بليغةً وَجِلتْ منها القلوبُ، وذَرَفتْ منها العيونُ، فقيل: يا رسول الله، وعظتَنَا موعظةَ مُودِّعٍ فاعهد إلينا بعهد. فقال: «عليكم بتقوى الله، والسمع والطاعة، وإن عبدًا حبشيًّا، وسترون من بعدي اختلافًا شديدًا، فعليكم بسنتي وسنة الخلفاء الراشدين المهديين، عَضُّوا عليها بالنواجِذ، وإياكم والأمور المحدثات، فإن كل بدعة ضلالة».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি এটা গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিলে, ফলত চাহাবাসকলৰ অন্তৰ ভীত-সন্ত্ৰস্থ হৈ পৰিল আৰু চকু অশ্ৰুসিক্ত হৈ পৰিল। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! এইটো যেনিবা বিদায়ী ভাষণ, দৰাচলতে তেওঁলোকে ভাষণৰ গুৰুত্ব বুজি এই কথাষাৰ কৈছিল। সেয়ে তেওঁলোকে উপদেশ বিচাৰি আবেদন কৰিলে যাতে তেখেতৰ (মৃত্যুৰ) পিছত সেইমতে জীৱন-যাপন কৰিব পাৰে। তেখেতে ক'লেঃ মই তোমালোকক সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উপদেশ দিওঁ। এই তাক্বৱা অৰ্জন হ'ব তেওঁৰ ওৱাজিবাতসমূহ পালন কৰিলে আৰু তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিলে। শ্ৰৱণ কৰা আৰু আনুগত্য কৰা, অৰ্থাৎ শাসকসকলৰ। যদি কোনো ক্ৰীতদাসেও তোমালোকৰ ওপৰত শাসন কৰে বা ৰাজত্ব কৰে অৰ্থাৎ তোমালোকৰ মাজৰ নিম্ন মানৰ ব্যক্তিও যদি তোমালোকৰ আমীৰ হয় তথাপিও তোমালোকে তেওঁৰ আনুগত্য কৰাত দ্বিধাবোধ নকৰিবা আৰু তেওঁৰ কথা মানি চলিবা, যাতে ফিতনা-ফাছাদ সৃষ্টি নহয়। কাৰণ মোৰ পিছত তোমালোকৰ মাজৰ যিসকলে জীয়াই থাকিব তেওঁলোকে অত্যন্ত মতভেদ দেখিবলৈ পাব। এইখিনি কথা কোৱাৰ পিছত তেখেতে সেই মতভেদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো বৰ্ণনা কৰিছে। অৰ্থাৎ তেখেতৰ আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক খামুচি ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে। খুলাফায়ে ৰাশ্বিদীন অৰ্থাৎ আবু বকৰ চিদ্দীক্ব, ওমৰ ইবনুল খাত্তাব, উছমান বিন আফ্ফান, আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুম আজমাঈন। আনকি পেষক দাঁতেৰে সেই ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ নিৰ্দেশনা দিছে। লগতে তেখেতে তেওঁলোকক ধৰ্মীয় ক্ষেত্ৰত নতুনত্বৰ (বিদআত)ৰ পৰা সাৱধান কৰিছে। কিয়নো ধৰ্মীয় ক্ষেত্ৰত সকলো প্ৰকাৰ বিদআতেই হৈছে পথভ্ৰষ্টতা।
...:
ছুন্নতক মজবুতভাৱে ধাৰণ কৰা আৰু ইয়াক অনুসৰণ কৰাৰ গুৰুত্ব।
ওৱাজ নচীহতৰ প্ৰতি মনোযোগ দিয়া আৰু অন্তৰ কোমল হোৱা।
তেখেতৰ মৃত্যুৰ পিছত চাৰি খুলাফায়ে ৰাশ্বিদীনৰ অনুসৰণ কৰাৰ নিৰ্দেশ দিছে। তেওঁলোক হৈছে, আবু বকৰ, ওমৰ, উছমান আৰু আলী ৰাদ্বিয়াল্লাহু আনহুম।
ধৰ্মত নতুনত্বৰ সৃষ্টি কৰিবলৈ নিষেধ কৰিছে। কাৰণ ধৰ্মীয় প্ৰতিটো বিদআতেই হৈছে পথভ্ৰষ্টতা।
গুনাহ ব্যতীত আমীৰৰ সকলো নিৰ্দেশনা মানি চলিবলৈ গুৰুত্বাৰোপ কৰিছে।
সকলো সময়তে আৰু সকলো অৱস্থাতে সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে।
এই উম্মতত ইখতিলাফ হোৱাটো নিশ্চিত, কিন্তু ইখতিলাফৰ সময়ত ছুন্নতে ৰাছুল আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য।
ছুনান আবি দাঊদ (7/ 16) (4607).
ছুনান তিৰমিজী (4/ 408) (2676).
ছুনান ইবনে মাজাহ (1/ 28) (42).
মুছনাদ আহমদ (28/ 367) (17142).
অধিক (4)
আল-আৰবাউন আন-নাবাৱিয়্যাহ। (ص: 89) (ح28).
تحفة الأحوذي (7/ 366).
عون المعبود وحاشية ابن القيم (12/ 235).
شرح الأربعين النووية للعثيمين (ص: 278).