Skip to content

যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।

বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"

بَكِّرُوا بِصَلَاةِ الْعَصْرِ، فَإِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ تَرَكَ صَلَاةَ الْعَصْرِ فَقَدْ حَبِطَ عَمَلُهُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানি বুজি আচৰৰ নামাজক সঠিক সময়ৰ পৰা পলম কৰিবলৈ সতৰ্ক কৰিছে, লগতে কৈছে যে, যিয়ে এনেকুৱা কৰে তাৰ আমল ব্যৰ্থ হৈ যায় তথা বেকাৰ হৈ যায়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আচৰৰ নামাজক আওৱাল ওৱাক্তত পঢ়িবলৈ উৎসাহিত কৰিছে, তথা সোনকালে পঢ়িবলৈ তাগীদ কৰিছে।

আচৰৰ নামাজ পৰিত্যাগকাৰী সম্পৰ্কে হাদীছটোত কঠোৰ সতৰ্কবাণী আহিছে। অন্যান্য নামাজ সময়ত নপঢ়াৰ গুনাহৰ তুলনাত আচৰৰ নামাজ সময়ত নপঢ়াৰ গুনাহ অধিক ডাঙৰ। কাৰণ এইটো হৈছে চালাতে উস্তা, মহান আল্লাহে কোৰআনত বিশেষকৈ এই নামাজৰ হিফাজত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছেঃ তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা। (ছুৰা আল-বাক্বাৰাহঃ ১৩৮)

সম্পাদক

ছহীহ বুখাৰী (1/ 115) (553).

মুছনাদ আহমদ (38/ 152) (23045).

অধিক (9)

شرح رياض الصالحين.

لابن عثيمين (5/ 56).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (2/ 777).

فيض القدير شرح الجامع الصغير (3/ 206).

بهجة الناظرين.

لسليم الهلالي (2/ 260).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص614).