তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ তিনি দিন পূৰ্বে মই তেখেতৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।"
«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ بِاللهِ الظَّنَّ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিমসকলক উৎসাহিত কৰিছে যে, তেওঁলোকে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে আৰু সেই অৱস্থাতে যেন তেওঁলোকৰ মৃত্যু হয়। বিশেষকৈ মৃত্যুৰ সময়ত যেন এই আশা থাকে যে, আল্লাহে তাৰ প্ৰতি ৰহম কৰিব আৰু তাক ক্ষমা কৰি দিব। কাৰণ সুন্দৰ আমলৰ বাবে অন্তৰত ভয় থকাটো জৰুৰী। কিন্তু মৃত্যুৰ সময়ত আমল কৰাৰ কোনো সুবিধা নাথাকে, সেয়ে এই সময়ছোৱাত আশাৰ পাল্লা গধুৰ হোৱা উচিত।
উম্মতক দিশ নিৰ্দেশনা দিয়াৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত আগ্ৰহী আছিল। লগতে তেখেত সকলো অৱস্থাতে তেওঁলোকৰ প্ৰতি দয়ালু আছিল। মৃত্যু শয্যাত অসুস্থ থকা অৱস্থাতো উম্মতক উপদেশ দিছিল আৰু তেওঁলোকক মুক্তিৰ পথ দেখুৱাইছিল।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ তোমালোকে বৰ্তমান সময়ত নেক আমল কৰা, যাতে মৃত্যুৰ সময়ত আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিব পাৰা। কাৰণ যিয়ে বেয়া আমল কৰে, মৃত্যুৰ সময়তো আল্লাহৰ প্ৰতি তাৰ ধাৰণা বেয়া থাকে।
বান্দাৰ পূৰ্ণাংগ অৱস্থা হৈছে সেইটো, যিটো অৱস্থাত তাৰ অন্তৰত ভয় আৰু আশা দুয়োটাই থাকে। লগতে অত্যন্ত মুহাব্বত থাকে। এতেকে মুহাব্বত হৈছে বাহন আৰু আশা হৈছে পথপ্ৰদৰ্শক, ভয় হৈছে চালক। এইদৰে আল্লাহে তেওঁৰ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা তাক লক্ষ্য উদ্দেশ্যত উপনীত কৰে।
মুমূৰ্ষ ব্যক্তিৰ ওচৰত থকা ব্যক্তিয়ে তাক আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিবলৈ উৎসাহিত কৰা উচিত। কাৰণ এই হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মৃত্যুৰ তিনি দিন পূৰ্বে এই কথা কৈছিল বুলি উল্লেখ আছে।
ছহীহ মুছলিম (4/ 2205) (2877).
অধিক (6)
شرح رياض الصالحين.
لابن عثيمين (3/ 333).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 509).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 398).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ بِاللهِ الظَّنَّ»
- قاموس الكبائرموسوعة الكبائر - المجموعة الثالثة«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ بِاللَّهِ الظَّنَّ» [43].
- مجموعة زاد التربية الإسلامية (2)1«لَا يَمُوتَنَّ أَحَدُكُمْ إِلاَّ وَهُوَ يُحْسِنُ الظَّنَّ بالله».
- مشروع منهاج زادكزادك 1 طالب«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ الظَّنَّ بِاللهِ تعالى»
- نبراس طالب (3)نبراس طالب 3«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ الظَّنَّ بِاللهِ تعالى»
- نبراس طالب (3)نبراس طالب 3«لَا يَمُوتَنَّ أَحَدُكُمْ إِلَّا وَهُوَ يُحْسِنُ الظَّنَّ بِاللهِ عزوجل»