আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।"
نُهِينَا عَنِ اتِّبَاعِ الجَنَائِزِ، وَلَمْ يُعْزَمْ عَلَيْنَا.
হাদীছটোত উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক জানাযাৰ পিছে পিছে খোঁজকাঢ়ি যাবলৈ নিষেধ কৰিছে। কাৰণ তেওঁলোকৰ দ্বাৰা ফিতনা হোৱাৰ আশংকা আছে আৰু ফিতনাত পৰাৰো আশংকা আছে, লগতে তেওঁলোকৰ ধৈৰ্য্য কম। ইয়াৰ পিছত উম্মু আতিয়্যাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যান্য নিষেধাজ্ঞাৰ দৰে এই ক্ষেত্ৰত সিমান গুৰুত্ব সহকাৰে নিষেধ কৰা নাছিল।
নাৰীসকলৰ বাবে জানাযাৰ অনুসৰণ কৰা নিষিদ্ধ। অনুসৰণৰ দ্বাৰা কাফনকে আদি কৰি জানাযাৰ নামাজ পঢ়া আৰু দাফন কৰিবলৈ কবৰস্থান পৰ্যন্ত যোৱাক বুজোৱা হৈছে।
নিষেধাজ্ঞাৰ কাৰণ হৈছে, নাৰীসকলে এই ধৰণৰ দুখজনক দৃশ্য তথা প্ৰভাৱিত কৰিব পৰা পৰিস্থিতিক সহ্য কৰিব নোৱাৰে। সেয়ে তেওঁলোকৰ দ্বাৰা অনায়াসে অধৈৰ্য্য আৰু অসন্তুষ্টিমূলক কৰ্ম প্ৰকাশ পায়, যিটো বাধ্যতামূলক ধৈৰ্য্যৰ পৰিপন্থী।
নিষেধাজ্ঞাৰ মূলনীতি হৈছে বস্তুটো হাৰাম, কিন্তু উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই অৱস্থাৰ প্ৰেক্ষাপটৰ পৰা গম পাইছিল যে, জানাযাক অনুসৰণ কৰাৰ নিষেধাজ্ঞাটো অধিক গুৰুত্ব সহকাৰে কৰা নাছিল। কিন্তু অন্যান্য হাদীছৰ দ্বাৰা এই কথা প্ৰমাণিত যে, নাৰীসকলে জানাযাৰ অনুসৰণ কৰাটো কঠোৰভাৱে নিষিদ্ধ।
ছহীহ বুখাৰী (2/ 78) (1278).
ছহীহ মুছলিম (2/ 646) (938).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص285).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (2/ 366).