Skip to content

“আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰী জান্নাতত প্রৱেশ নকৰিব।”

জুবাইৰ বিন মুতয়িম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

“আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰী জান্নাতত প্রৱেশ নকৰিব।”

«لَا يَدْخُلُ الْجَنَّةَ قَاطِعُ رَحِمٍ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আত্মীয়-স্বজনৰ প্রাপ্ত অধিকাৰ আদায় নকৰে আৰু সিহঁতক কষ্ট দিয়াৰ মাধ্যমত আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰে সি জান্নাতত প্রৱেশৰ উপযুক্ত নহয়।

শব্দাৰ্থ

.....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰাটো হৈছে অন্যতম এটা কবীৰাহ গুনাহ।

প্রচলিত নিয়ম অনুযায়ী আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে। গতিকে স্থান, কাল আৰু ব্যক্তিভেদে ইয়াৰ ধৰণো বেলেগ বেলেগ হ'ব।

সাক্ষাৎ, দান-খয়ৰাত, সদ্ব্যৱহাৰ আদিৰ দ্বাৰা আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে, অসুস্থ হ'লে সেৱা কৰিব লাগে, লগতে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ মাধ্যমতো আত্মীয়তাৰ সম্পৰ্ক বজাই ৰাখিব লাগে।

আত্মীয়তাৰ সম্পৰ্ক যিমানেই ওচৰৰ হ'ব, সেই অনুপাতেই সম্পৰ্ক ছিন্ন কৰাৰ গুনাহো অধিক হ'ব।

সম্পাদক

ছহীহ মুছলিম (4/ 1981) (2556).

ছহীহ বুখাৰী (8/ 5) (5984).

অধিক (5)

شرح النووي على مسلم (16/ 113).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 90).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (6/ 277).