Skip to content

যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"

«مَنْ حَفِظَ عَشْرَ آيَاتٍ مِنْ أَوَّلِ سُورَةِ الكَهْفِ، عُصِمَ مِنَ الدَّجَّالِ». وفي رواية: «مِنْ آخِرِ سُورَةِ الكَهْف».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে ছুৰা কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰি কণ্ঠস্থ ৰাখিব, আল্লাহে তাক মছীহুদ দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা কৰিব। দাজ্জাল অন্তিম জামানাত ওলাব আৰু সি নিজকে উপাস্য বুলি দাবী কৰিব। দাজ্জালৰ ফিতনা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিতনা, এনেকুৱা ডাঙৰ ফিতনা যে, আদমৰ সৃষ্টিৰ পৰা কিয়ামত পৰ্যন্ত তেনেকুৱা ফিতনাৰ আৱিৰ্ভাৱ হোৱা নাই। আল্লাহে তাক এনেকুৱা কিছুমান আচৰিত শক্তি দিব, যাৰ দ্বাৰা সি মানুহক ফিতনাত পতিত কৰিব। এতেকে ছুৰা কাহাফৰ আৰম্ভণিত এনেকুৱা আশ্চৰ্যকৰ নিদৰ্শনৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ দাজ্জালৰ ফিতনাতকৈও আশ্চৰ্যকৰ। গতিকে যিয়ে এইবোৰকলৈ চিন্তা চৰ্চা কৰিব তেওঁ কেতিয়াও দাজ্জালৰ ফিতনাত পতিত নহ'ব। আন এটা বৰ্ণনাত আছে যে, এই ছুৰাৰ শেষৰ দহ আয়াত। অৰ্থাৎ এই আয়াতৰ পৰা {أفحسب الذين كفروا أن يتخذوا…}. শেষলৈকে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত ছুৰা কাহাফৰ ফজীলত বৰ্ণিত হৈছে। ছুৰা কাহাফৰ প্ৰথম দহ আয়াত অথবা শেষৰ দহ আয়াত মুখস্থ থাকিলে দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা কৰা হ'ব।

দাজ্জালৰ বিষয়ে সংবাদ দিয়া হৈছে, লগতে ইয়াৰ পৰা সুৰক্ষিত থকাৰ বৰ্ণনা দিয়া হৈছে।

সম্পূৰ্ণ ছুৰা কাহাফ মুখস্থ কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটো কৰিব নোৱাৰিলে নূন্যতম প্ৰথম অথবা শেষৰ দহ আয়াত মুখস্থ ৰাখিব লাগে।

কুৰতুবী ৰাহিমাহুল্লাহে ইয়াৰ কাৰণ সম্পৰ্কে কৈছেঃ কোৱা হৈছে যে, কিয়নো আচহাবে কাহাফৰ ঘটনাত বিভিন্ন অলৌকিকতা আৰু নিদৰ্শন আছে। যিয়ে এইবোৰ মনোযোগ সহকাৰে অনুধাৱন কৰিব তেওঁ কেতিয়াও দাজ্জালৰ বিষয়টোক ডাঙৰ বুলি নাভাবিব আৰু তাক দেখি ভয়ো নকৰিব। ফলত তেওঁ দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা পাব। আন এটা কাৰণ উল্লেখ কৰি কোৱা হৈছে যে, যিহেতু মহান আল্লাহে এই ছুৰাৰ প্ৰথমতে কৈছেঃ (لينذر بأسًا شديدًا من لدنه অৰ্থঃ তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে।) এই আয়াতৰ সৈতে দাজ্জালৰ বিষয়টোৰ সম্পৰ্ক আছে, যিহেতু দাজ্জালে নিজকে উপাস্য দাবী কৰিব আৰু তাৰ ফিতনাটো হৈছে অতি ভয়াৱহ ফিতনা। এইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দাজ্জালৰ ফিতনাক ভয়াৱহ ফিতনা বুলি কৈছে আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে দুআ কৰিছিল। গতিকে যিয়ে আল্লাহৰ শাস্তিক ভয় কৰিব, তেওঁ কেতিয়াও দাজ্জালৰ ফিতনাত ভৰি নিদিব। এতেকে হাদীছটোৰ অৰ্থ হৈছে এই যে, যিয়ে এই আয়াতবোৰ পাঠ কৰিব আৰু ইয়াকলৈ গভীৰ চিন্তা চৰ্চা কৰিব আৰু ইয়াৰ সঠিক অৰ্থ গ্ৰহণ কৰিব, আৰু সতৰ্ক থাকিব, তেওঁ নিশ্চিতভাৱে এই ফিতনাৰ পৰা ৰক্ষা পাব।

সম্পাদক

ছহীহ মুছলিম (1/ 555) (809).

অধিক (11)

بهجة الناظرين.

لسليم الهلالي (2/ 243).

شرح النووي على مسلم (6/ 92).

فيض القدير شرح الجامع الصغير.

لعبدالرؤوف المناوي (6/ 119).

كنوز رياض الصالحين.

لمجموعة من الباحثين (13/ 115).

مرقاة المفاتيح شرح مشكاة المصابيح.

لملا القاري (4/ 1465).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخن (2/ 760).