Skip to content

যিয়ে শপত খোৱাৰ সময়ত লাত আৰু উজ্জাৰ শপত খাইছে, সি লা ইলাহা ইল্লাল্লাহ কোৱা উচিত। আনহাতে যিয়ে নিজৰ সংগীক এই বুলি কৈছে যে, আহা আমি জুৱা খেলোঁ, সি চাদাক্বাহ কৰা উচিত।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিয়ে শপত খোৱাৰ সময়ত লাত আৰু উজ্জাৰ শপত খাইছে, সি লা ইলাহা ইল্লাল্লাহ কোৱা উচিত। আনহাতে যিয়ে নিজৰ সংগীক এই বুলি কৈছে যে, আহা আমি জুৱা খেলোঁ, সি চাদাক্বাহ কৰা উচিত।"

«مَنْ حَلَفَ فَقَالَ فِي حَلِفِهِ: وَاللَّاتِ وَالعُزَّى، فَلْيَقُلْ: لاَ إِلَهَ إِلَّا اللَّهُ، وَمَنْ قَالَ لِصَاحِبِهِ: تَعَالَ أُقَامِرْكَ، فَلْيَتَصَدَّقْ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাহিৰে আনৰ শপত খোৱাৰ পৰা সতৰ্ক কৰিছে। কাৰণ মুমিন ব্যক্তিয়ে আল্লাহৰ বাহিৰে আন কাৰো শপত নাখায়। তেওঁ জনাইছে যে, যিয়ে আল্লাহৰ বাহিৰে আনৰ শপত খায়, উদাহৰণস্বৰূপে লাত আৰু উজ্জাৰ শপত খায়। লাত আৰু উজ্জা হৈছে দুটা মূৰ্ত্তিৰ নাম, অজ্ঞতা যুগত ইয়াৰ পূজা পাঠ কৰা হৈছিল। গতিকে ইয়াৰ নামত শপত খোৱা ব্যক্তিয়ে লগে লগে ইয়াৰ প্ৰায়শ্চিত্তস্বৰূপে আৰু শ্বিৰ্কৰ পৰা নিজকে মুক্ত ঘোষণা কৰি লা ইলাহা ইল্লাল্লাহ পাঠ কৰা উচিত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নিজৰ সংগীক কয় যে আহা আমি জুৱা খেলোঁ, এই খেলত দুজন বা ততোধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু বিজয়ী হোৱা ব্যক্তিয়ে সম্পূৰ্ণ ধন লৈ যায়। উভয়ৰ যিকোনো এজন সম্পদ লাভ কৰি আনন্দিত হয় আৰু দ্বিতীয়জন পৰাজিত হৈ ঋনগ্ৰস্ত হয়। গতিকে এনেকুৱা এটা ক্ষতিকৰ কামৰ পিনে আহ্বান কৰাৰ কাৰণে সি চাদাক্বাহ কৰা উচিত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মহান আল্লাহ, তেওঁৰ নাম আৰু গুণাৱলীৰ বাহিৰে আন কাৰো শপত খোৱা বৈধ নহয়।

আল্লাহৰ বাহিৰে আনৰ শপত খোৱা হাৰাম। সেয়া কোনো মূৰ্ত্তিৰে হওক যেনে- লাত আৰু উজ্জাৰ শপত, অথবা সততাৰ শপত, নাইবা নবীৰ শপত অথবা আন কাৰো নামতে হওক।

খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ সৱাতোকৈ মহান উপাস্যৰ শপত খোৱা উচিত। গতিকে লাতৰ দৰে উপাস্যৰ শপত খোৱা মানে কাফিৰসকলৰ সাদৃশ্য গ্ৰহণ কৰা বুজায়। সেয়ে এনেকুৱা কেতিয়াবা হৈ গ'লে তাওহীদৰ কলিমাৰ জৰিয়তে তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ নিৰ্দেশ দিছে।

আল্লাহৰ বাহিৰে আনৰ শপত খোৱাৰ কোনো কাফফাৰা নাই, ইয়াৰ বাবে তাওবা আৰু ক্ষমা প্ৰাৰ্থনা জৰুৰী। কিয়নো এইটো তাওবাৰ বাহিৰে কাফফাৰাৰ জৰিয়তে মোচন হোৱা কোনো পাপ নহয়।

সকলো প্ৰকাৰ জুৱা খেল হাৰাম। এইটো হৈছে দ্যুতক্ৰীড়া বা জুৱা, ইয়াক আল্লাহে হাৰাম কৰিছে আৰু মাদকদ্ৰৱ্য তথা মূৰ্ত্তিপূজাৰ সৈতে সম্পৃক্ত কৰি উল্লেখ কৰিছে।

কোনো গুনাহ হৈ গ'লে লগে লগে তাৰ পৰা প্ৰত্যাৱৰ্তন কৰা তথা তাওবা কৰা ওৱাজিব।

যিয়ে গুনাহ কৰি পেলাইছে, তেওঁ ইয়াৰ পিছত লগে লগে নেকী কৰিব লাগে। কাৰণ নেকীয়ে গুনাহক দূৰ কৰে।

সম্পাদক

ছহীহ বুখাৰী (6/ 141) (4860).

ছহীহ মুছলিম (3/ 1268) (1647).

অধিক (4)

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (2/1228).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (3/ 273).